NORTHEAST NOW (Assamese)
অসম

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰৰ ঘৰত ওলাল ১,০৫৫ টা চিলাই মেচিন

Posted by: এন ই নাও নিউজ June 19, 2018 8:42 am
SCAM

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে ৰাজ্যত সংঘটিত হোৱা বিয়োগোম বিয়াগোম কেলেংকাৰী সমূহে এতিয়া নতুন মোৰ লোৱা দেখিবলৈ পোৱা গৈছে। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ দিনতে সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা ২,২৫০ কোটি টকীয়া বৃহৎ কেলেংকাৰীটোৰো সোমবাৰে উদঘাটন হৈছে কিছু ন ন তথ্য।

কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ পৱন কুমাৰ আগৰৱালাৰ গুদামৰ পৰা সোমবাৰে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযান চলাই জব্দ কৰে ১,০৫৫ টা চিলাই মেচিন।

বৰ্তমান জামিনত থকা গ্ল’বেল ইণ্ডিয়াৰ স্বত্বাধিকাৰী ঠিকাদাৰ পৱন আগৰৱালাই ১,০৩০ টাকৈ চিলাই মেচিন নিজৰ গুদামত মজুত কৰি ৰখা বুলি আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিতেই সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে চিলাই মেচিনসমূহ জব্দ কৰে।

উল্লেখ্য যে সমাজ কল্যাণ বিভাগত বিগত ২০১৪-১৫ বৰ্ষত ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনাৰ ধনৰ অপব্যৱহাৰ কৰি কংগ্ৰেছ চৰকাৰে বৃহৎ পৰিমাণৰ চিলাই মেচিন ক্ৰয় কৰিছিল। আৰু সেই সুবিধা গ্ৰহণ কৰিয়ে একাংশ কংগ্ৰেছৰ ঘনিষ্ঠ দালালে দুৰ্নীতি সংঘটিত কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে।

সোমবাৰে অভিযানকাৰী দলটোৱে জব্দ কৰা চিলাই মেচিনৰ বজাৰ মূল্য প্ৰায় ৯৪ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।