NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰকাশীত ট্ৰেকিং কৰি থকা অৱস্থাত ৯ জনৰ মৃত্যু; পথ হেৰুৱালে ২২ জনীয়া অভিযানকাৰী দলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2024 6:09 pm

উত্তৰাখণ্ডত সংঘটিত হৈছে এক কৰুণ ঘটনা৷উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সহস্ৰা হ্ৰদত ৯ জন ট্ৰেকাৰৰ মৃত্যু ঘটিছে। বুধবাৰে স্থানীয় আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি বেয়া বতৰত পথ হেৰাই যায় ২২ জনীয়া এটা দলে। সেইবাবেই মঙলবাৰে অভিযানলৈ যোৱাৰ পথত ৯ জন লোকৰ মৃত্যু হয়।

আন অভিযাত্ৰীৰ সন্ধানত চলোৱা অনুসন্ধানত ১৩ জন লোকক উদ্ধাৰ কৰা হয়। সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, বেয়া বতৰৰ বাবে হেলিকপ্টাৰেৰে অনুসন্ধান অসুবিধা হৈছিল।যাৰ বাবে পাছত ২খন হেলিকপ্টাৰ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী উদ্ধাৰ অভিযানত উপস্থিত হয়।

উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলত ১৫ হাজাৰ ফুট উচ্চতাত অৱস্থিত সহস্ৰ হ্ৰদ। এই হ্ৰদটো পাবলৈ হ’লে ২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কঠিন পাহাৰীয়া পথ এটা পাৰ হ’ব লাগে। এই পথটো অতি সংকীৰ্ণ আৰু বিপদজনক।

জিলা দণ্ডাধীশ মেহেৰবান সিং বিষ্টে ব্যক্তিগতভাৱে উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে। উত্তৰকাশী আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে জনোৱা মতে, যোৱা ৪ জুনত এছডিআৰএফৰ দলটোৱে অভিযানকাৰী দলটোৰ নিৰুদ্দেশৰ তথ্য লাভ কৰিছিল। জানিব পৰা মতে, জিলাখনৰ ভটৌৰী ব্লক কাৰ্যালয়ৰ পৰা ট্ৰেকাৰ কেইজনৰ সন্ধান উলিয়াব পৰা নাই।

তথ্য লাভ কৰাৰ লগে লগে ৰাজ্য প্ৰশাসনে এছডিআৰএফ, বন বিভাগ আৰু আৰক্ষীক লৈ ১০ জনীয়া উদ্ধাৰকাৰী দল গঠন কৰে। ট্ৰেকাৰ গ্ৰুপত ১৮ জন কৰ্ণাটকৰ আৰু এজন মাৰাঠী লোক আছিল। সূত্ৰ অনুসৰি তিনিজন স্থানীয় গাইডো তাত আছিল।