NORTHEAST NOW (Assamese)

উত্তৰ-পূবৰ যুৱতীক চেন্নাইত হাৰাশাস্তি : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জন আব্ৰাহামে

November 24, 2017 12:40 pm · এন ই নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 24, 2017 12:43 pm

যোৱা নিশা চেন্নাই জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু চেন্নাইয়ন এফ চি ৰ মাজত চলি থকা আই এছ এলৰ খেলৰ সময়ত সংঘটিত ঘটনাৰ সন্দৰ্ভত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ স্বত্বাধিকাৰী জন আব্ৰাহামে আজি এটা বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত জনে প্ৰকাশ কৰিছে যে ষ্টেডিয়ামত কেইগৰাকীমান দুৰ্বৃত্তই উত্তৰপূবৰ যুৱতী কেইগৰাকীক কৰা লজ্জাজনক আচৰণৰ বলি যুৱতী কেইগৰাকীৰ কাষত তেওঁ আছে আৰু তেওঁ ব্যক্তিগতভাৱে যুৱতী কেইগৰাকীক লগ ধৰি তেওঁলোক কুশলে আছেনে সেই কথা নিশ্চিত কৰিব বিচাৰে।

আজি জনে তেওঁৰ দলৰ পেইজটোত লিখিছে যে  যোৱাকালি দুস্কাৰ্যটোত জড়িত লোককেইজন তেওঁৰ বা চেন্নাইয়ন এফ চিৰ স্বত্বাধিকাৰী অভিষেক বচ্চনৰ প্ৰকৃত অনুগামী বুলি তেওঁ নাভাৱে। তেওঁ ঘটনাটোৰ নিন্দা কৰিছে আৰু ইয়াক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। জনে প্ৰকাশ কৰে ক্ৰীড়াৰ দৰে এনে  যোগাত্মক অনুষ্ঠানত যেতিয়া কাৰোবাৰ বাবে এটা অসুৰক্ষিত বা অপ্ৰীতিকৰ ঘটনা ঘটে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক।  মহিলাৰ বিৰুদ্ধে এনে ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ জনে আহ্বান জনায়।

Related News