NORTHEAST NOW (Assamese)
অসম

উত্তৰ গুৱাহাটীত তিনিদিনীয়া সন্তানক হত্যা কৰিলে মাতৃয়ে

Posted by: এন ই নাও নিউজ March 5, 2018 12:46 pm
মাতৃয়ে

এগৰাকী মাতৃয়ে তিনিদিনীয়া এটি পানী কেঁচুৱাক হত্যা কৰাৰ এটি ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী মতে মহানগৰ উপকন্ঠৰ উত্তৰ গুৱাহাটীত এগৰাকী ৩০ বছৰীয়া মহিলাই তেওঁৰ সদ্যোজাত পুত্ৰ সন্তানক নিজ হাতে হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে আজি তেওঁক গ্ৰেপ্তাৰ কৰিছে।

উত্তৰ গুৱাহাটীৰ কাটিং পাহাৰত থকা ৰীতা দাস নামৰ মহিলাগৰাকীৰ ঘৰত প্লাষ্টিকেৰে মেৰিয়াই ৰখা সদ্যোজাত শিশুটোৰ মৃতদেহটো উদ্দাৰ হোৱাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা গৈছে যে চুবুৰীয়াৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰত অভিযান চলাইছিল।এই হত্যাৰ আঁৰৰ উদ্দেশ্য জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জানিবলৈ দিছে যে এই ঘৃণনীয় অপৰাধৰ আঁৰৰ ৰহস্য পোহৰলৈ অনাৰ বাবে আৰক্ষীয়ে মহিলাগৰাকীক জেৰা কৰি আছে।