NORTHEAST NOW (Assamese)

উত্তৰ ত্ৰিপুৰাত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বিজু মহোৎসৱ

April 14, 2018 11:16 am · পান্না ঘোষ, পিনাকি দাস

উত্তৰ ত্ৰিপুৰাৰ উনাকোটি জিলাৰ নবীনচাৰাত তিনিদিনীয়াকৈ আয়োজন কৰা বিজু মহোৎসৱখনি শুকুৰবাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

চাকমা সম্প্ৰদায়ৰ সংস্কৃতি তথা পৰম্পৰাৰ বিকাশৰ লক্ষ্যৰে এই ,মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনত ১৫ খন নতুন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব।

তেওঁ কয় যে ইয়াৰ বাবে সৰ্বমুঠ ২৫ কোটি টকা অনুমোদন কৰা হ’ব। চাকমা সম্প্ৰদায়ৰ প্ৰাচীন পৰম্পৰা আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।

অসম, ছিকিম, মণিপুৰ আৰু নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লোক এই মহোৎসৱত চাকমা সকলৰ বৰ্ণাঢ্য সংস্কৃতি উপভোগ কৰিবলৈ উপস্থিত হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে তেওঁ এই অনুষ্ঠানত উপস্থিত হ’বলৈ পাই অতি আনন্দিত হৈ পৰিছে।

অনুষ্ঠানত ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী সান্তনা চাকমা আৰু ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মাও উপস্থিত আছিল।

বিজুমালা উন্নয়ন সমিতিয়ে স্থানীয় অন্যান্য সংগঠনৰে মিলি এই বিজু মহোৎসৱৰ আয়োজন কৰিছে।

Related News