NORTHEAST NOW (Assamese)

উত্তৰ-পূবৰ বিমানবন্দৰক সজাই তুলিব ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই

January 15, 2018 11:31 am · এন ই নাও নিউজ
গুৱাহাটী বিমানবন্দৰ (ফাইল ফটো)

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এই বছৰ ১৪ টা বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণৰ বৃহৎ প্ৰকল্প এটা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰ পাঁচটা বিমানবন্দৰ তথা টাৰ্মিনেল বিল্ডিং এই বছৰতে সাজু হৈ উঠিব। সেইকেইটা হৈছে উৰিষ্যাৰ জাৰছুগুদা, অৰুণাচল প্ৰদেশৰ তেজু, কেৰালাৰ কালিকট, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ছিকিমৰ পাকিয়ং।

এই বছৰ মতুনকৈ টাৰ্মিনেল বিল্ডিঙৰ প্ৰকল্প আৰম্ভ কৰিবলগীয়া বিমানবন্দৰকেইটাৰ ভিতৰত আছে গুৱাহাটী, লেহ, পাটনা, ত্ৰিচি,বিজয়েৱাডা, জব্বলপুৰ, আহমেদাবাদ, চেন্নাই, শ্ৰীনগৰ, পুনে, লক্ষ্নৌ, মাংগালোৰ, ডেৰাডুন আৰু জয়পুৰ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়া গুৰুপ্ৰসাদ মহাপাত্ৰই কয় যে কৰ্তৃপক্ষই উৰণ ব্যৱস্থা অধিক সুবিধাজনক কৰি তুলিবলৈ আঞ্চলিক সংযোগীকৰণ আঁচনিৰ অধীনত বিমানবন্দৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিব।

ক্ৰমবৰ্দ্ধমান যাত্ৰীৰ ভিৰ বৃদ্ধিৰ মাজতে বিমানবন্দৰ কৰ্তৃপক্ষই বিমানবন্দৰ উন্নয়ন আৰু ৰেহাইৰ আৰ্হি প্ৰস্তুতকৰণ চুক্তিৰ এটা ৰাষ্ট্ৰীয় নীতিৰ পৰিকল্পনা কৰিছে। ২০১৮-১৯চনত দেশখনত যাত্ৰীৰ সংখ্যা ৩২২ নিযুত স্পৰ্শ কৰাৰ আশা কৰা হৈছে।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই বৰ্দ্ধিত যাত্ৰীৰ সংখ্যা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ মাজতে বিভিন্ন উৎসৰ পৰা ৰাজহ বৃদ্ধিৰ সম্ভাৱনা সম্পৰ্কে চিন্তা-চৰ্চা কৰি আছে। বিশ্বৰ ভিতৰতে দ্ৰুত বিকশিত বৰ্তমান ভাৰতৰ বিমান পৰিবহনৰ বজাৰখন।

 

Related News