NORTHEAST NOW (Assamese)

উত্তৰ-পূব পৰিষদৰ ৬টা গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ

July 12, 2018 10:46 am · এন ই নাও নিউজ
শ্বিলঙত অনুষ্ঠিত হৈ যোৱা উত্তৰ-পূব পৰিষদৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং।

উত্তৰ-পূবৰ প্ৰতি সততে বিশেষ দৃষ্টি দি অহাৰ দাবী কৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰ-পূব পৰিষদৰ ছটাকৈ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন কৰাৰ লগতে পৰিষদৰ স্বতন্ত্ৰতাক আঘাত কৰা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অষ্টলক্ষ্মীৰ প্ৰতি নৰেন্দ্ৰ মোডীৰ এই দৃষ্টিভংগীক লৈ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

শেহতীয়াকৈ শ্বিলঙত অনুষ্ঠিত হৈ যোৱা এন ই চিৰ ৬৭সংখ্যক বৈঠকত কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উত্তৰ-পূব পৰিষদৰ ছটাকৈ বিভাগ কৰ্তন কৰাৰ তথ্য পোহৰলৈ আহিছে। সেই অনুসৰি আন্তঃগাঁথনি উন্নয়ন, ক্ৰীড়া, জনসিঞ্চন, শক্তি, পথ আৰু অন্যান্য বিভাগসমূহ কেন্দ্ৰীয় চৰকাৰে যোৱা ডিচেম্বৰ মাহত কৰ্তন কৰিছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে এনেদৰে উত্তৰ-পূব পৰিষদৰ ছটাকৈ বিভাগ কৰ্তন কৰাৰ বিষয়ত উত্তৰ-পূবৰ বিজেপি শাসিত ৰাজ্যসমূহৰ কোনো এগৰাকী মুখ্য মন্ত্ৰীয়েই বিৰোধিতা কৰা নাই। কিন্তু উত্তৰ-পূবৰ একমাত্ৰ কংগ্ৰেছ শাসিত ৰাজ্য মিজোৰামৰ মুখ্যমন্ত্ৰী লালথান হাৱলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি এন ই চিৰ বিভাগ কৰ্তন আৰু স্বতন্ত্ৰতা হ্ৰাসৰ বিষয়টোৰ বিৰোধিতা কৰিছে।

তাৎপৰ্যপূৰ্ভাৱে হাৱলাই তেওঁৰ পত্ৰখনত উল্লেখ কৰিছে যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব পৰিষদৰ কোনো নতুন আঁচনিৰ বাবে এটকাও ধাৰ্য কৰা নাই।

উত্তৰ-পূবক বিকাশৰ নতুন ইঞ্জিন বুলি ঘোষণা কৰা প্ৰধানমন্ত্ৰীয়ে এন ই চিৰ পুঁজি কৰ্তন কৰা বিষয়টোৱে স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ আৰু ২০১৯-২০ বৰ্ষৰ বাবে যি পুঁজি ধাৰ্য কৰিছে সেয়ায়া পুৰণা প্ৰকল্পৰ নামতহে খৰচ কৰিব বুলি জানিব পৰা গৈছে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে ঘোষণা কৰা আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰতো বিলম্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ সৈতে জড়িত আঁচনিসমূহ ৰূপায়নত চৰকাৰখনে বিশেষ মনযোগ দিয়াৰ পৰিৱৰ্তে উত্তৰ-পূবৰ ৰাজ্যকেইখনত বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা গৈছে।

Related News