NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা স্থানত উপলব্ধ হ’ব ৰাজহুৱা দূৰ সংযোগ ব্যৱস্থা

Posted by: ৰাজীৱ ৰয় May 23, 2018 6:04 pm
cabinet aproves

উত্তৰ-পূৰ্বাঞ্চলৰ দূৰ-সংযোগ খণ্ডটো শক্তিশালী কৰাৰ বাবে কেবিনেটে সাৰ্বজনীন সেৱা বাধ্যবাধকতা নিধি নামেৰে এখন আঁচনিত অনুমোদন জনাইছে।

প্ৰধান মন্ত্ৰী মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটত সৰ্বাত্মক দূৰ-সংযোগ উন্নয়ন আঁচনি নামৰ  এই আঁচনিখন ৩৯১১ কোটি টকা ব্যয় সাপেক্ষে মেঘালয়ত বলৱৎ কৰাত অনুমোদন জনোৱা হয়। প্ৰস্তাৱিত এই ধনৰাশি যোগান ধৰিব সাৰ্বজনীন সেৱা বাধ্যবাধকতা নিধিয়ে (USOF)।

কেবিনেটে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সৰ্বাত্মক দূৰ-সংযোগ উন্নয়ন আঁচনিৰ ব্যয় প্ৰায় ৮১২০.৮১ কোটি টকালৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে কেবিনেটে ৫৩৩৬.১৮ কোটি অনুমোদন জনাইছিল।

এই আঁচনিখনৰ দ্বাৰা মেঘালয়ৰ মোবাইল সংযোগ নথকা ভিতৰুৱা এলেকাসমূহত ২জি আৰু ৪জি পৰিসেৱা আগবঢ়োৱা হ’ব। আঁচনিখনত মেঘালয়ৰ ৰাজপথসমূহত নিৰৱচ্চিন্ন ২জি আৰু ৪জি পৰিসেৱা আগবঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে।

দূৰ সংযোগ ব্যৱস্থা শক্তিশালী কৰিলে মেঘালয়ৰ ভিতৰুৱা এলেকাসমূহলৈ মোবাইল সেৱাৰ প্ৰসাৰ ঘটিব আৰু জনসাধাৰণে যোগাযোগ, তথ্য আৰু প্ৰশাসন লাভ কৰিব। মেঘালয়ৰ ভিতৰুৱা স্থানত ৰাজহুৱা খণ্ডৰ মোবাইল সংযোগ প্ৰদান কৰা হলে এই এলেকাটোৰ জনসাধৰণে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ উপকাৰ লাভ কৰিব কৰিব আৰু তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশ হ’ব।

ৰাজহুৱা খণ্ডৰ দ্বাৰা আগবঢ়োৱা ব্ৰডবেণ্ড আৰু মোবাইল ইণ্টাৰনেটৰ মাজেৰে ভিতৰুৱা এলেকাসমূহৰ উদ্ভাৱনী দক্ষতা বৃদ্ধি পাব।