NORTHEAST NOW (Assamese)
অসম

অনিল ৰাজাৰ বিৰুদ্ধে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ নগাওঁ আদালতত গোচৰ

Posted by: মিন্টূ দাস May 23, 2018 6:28 pm
17-02-18-Guwahati-Anil-Raja-addressing-media-4

কংগ্ৰেছ দলৰ অপসাৰিত নেতা অনিল ৰাজাৰ বিৰুদ্ধে বিৰোধী দলৰ উপ-দলপতি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে আজি নগাঁও আদালতত এটা গোচৰ তৰে।

জানিব পৰা মতে,ৰকিবুল হুছেইনে অতিৰিক্ত মুখ্য ন্যায়াধীশ মনালিছা দাসৰ আদালতত অনিল ৰাজাৰ বিৰুদ্ধে তৰা গোচৰৰ পৰিপ্ৰেক্ষিতত 443/2018 নম্বৰত গোচৰটো ৰুজু কৰা হয়।

উল্লেখ্য যে, অনিল ৰাজাই উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত পত্নী আৰু পুত্ৰৰ নামত মাটি থকাৰ কথা ৰাজহুৱা কৰিছিল।

আনহাতে ৰাজহ চক্ৰ বিষয়াই লিখিতভাবে তেনে কোনো মাটি নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছত আজি ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে গোচৰ তৰে।

ইপিনে ৰকিবুল হুছেইনে ক্ৰমাগতভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে বুলি মন্তব্য কৰে।

শিক্ষা বিভাগ, বিত্ত বিভাগ, স্বাস্থ্য বিভাগ সকলোতে ব্যর্থ হৈছে ৰাজ্যৰ বিজেপি চৰকাৰ। তদুপৰি পঞ্চায়তৰ পৰীক্ষাই নহয়, মেট্ৰিকৰ পৰীক্ষাই চৰকাৰখনে ভালকৈ পাতিব নোৱাৰে বুলিও তীৰ্যক মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।