NORTHEAST NOW (Assamese)
অসম

টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুজন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 2, 2021 6:30 pm
cc

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান তিনিআলিৰ সমীপত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে শিৱসাগৰ অভিমুখী NL-07-A-0447 নম্বৰৰ ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা AS-25-BC-1904 টাটা এচি এখনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত এচিখনৰ হেণ্ডিমেনসহ চালকৰ থিতাতে মৃত্যু হয়।

নিহত দুজনৰ ঘৰ জাগীৰোডত বুলি জানিব পৰা গৈছে যদিও এই পৰ্যন্ত নাম জানিব পৰা হোৱা নাই।
টীয়ক আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।