NORTHEAST NOW (Assamese)

উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ ভাৰতৰ ভৌগলিক জ্ঞান অধিক : এ এছ ই আৰৰ সমীক্ষা

January 20, 2018 6:21 pm · এন ই নাও নিউজ

এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপ’ৰ্ট (এ এছ ই আৰ) ২০১৭’ ত প্ৰকাশ পাইছে যে ভাৰতৰ আনসকলৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ ভাৰতৰ ভৌগলিক জ্ঞান অধিক।

এএছইআৰ হৈছে ভাৰতৰ বৃহত্তম বেচৰকাৰী সংস্থা পৰিচালিত বাৰ্ষিক সমীক্ষা চলোৱা সংস্থা আৰু ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ মাজৰ যুৱসকলক ইয়াত সামৰি লোৱা হয়।

এই সমীক্ষাটোত দেশৰ ২৪খন ৰাজ্যৰ ২৪ খন জিলাক সামৰি লোৱা হৈছিল।

সমীক্ষাটোৱে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কামৰূপ(অসম), বিষ্ণুপুৰ(মণিপুৰ), জয়ন্তীয়া পাহাৰ(মেঘালয়) আৰু কোহিমাক (নাগালেণ্ড)ক সামৰি লৈছিল।

ভাৰতৰ আন অংশৰ কিশোৰৰ তুলনাত ৯১.২ শতাংশ মণিপুৰৰ কিশোৰে দেশৰ মানচিত্ৰখন চিনাক্ত কৰিব পাৰিছে। অসমৰ ৭৮.৮ শতাংশ কিশোৰে চিনাক্ত কৰিব পাৰিছে দেশৰ মানচিত্ৰ। ৯৪ শতাংশৰে নাগালেণ্ডে ভাৰতৰ আন ৰাজ্যসমূহক অতিক্ৰম কৰিছে। মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ ক্ষেত্ৰত এই হাৰ ৮২.৫ শতাংশ।

ভাৰতৰ মানচিত্ৰখন চিনাক্ত কৰাৰ ক্ষেত্ৰত দেশৰ ৰাষ্ট্ৰীয় গড় হ’ল ৮৬.৩ শতাংশ।

দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ বিষয়ে জ্ঞানৰ ক্ষেত্ৰত ৬৪.১ শতাংশ ৰাষ্ট্ৰীয় গড়ৰ বিপৰীতে সকলোকে অতিক্ৰম কৰি ৭২.৩ শতাংশৰে শীৰ্ষত আছে মণিপুৰ।

এইক্ষেত্ৰত অসমৰ সফলতাৰ হাৰ মাত্ৰ ৫২.৪ শতাংশ। নাগালেণ্ডে এইক্ষেত্ৰত ৬০.৬ শতাংশৰে ৰাষ্ট্ৰীয় গড়ৰ তলত আছে। জয়ন্তীয়া পাহাৰ এইক্ষেত্ৰত ৩৯.১ শতাংশৰে নিম্নতম স্থানত আছে।

নিজৰ ৰাজ্যখনৰ নাম সোধাৰ উত্তৰৰ ক্ষেত্ৰত ৮৬.৫ শতাংশৰে মণিপুৰৰ কিশোৰ সফলতাৰ শীৰ্ষত আছে। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৭৮.৬ শতাংশ। অসমৰ প্ৰদৰ্শন ৭৫.৫ শতাংশৰে আন বহু ৰাজ্যতকৈ উন্নত। নাগালেণ্ডে ৭৭.৫ শতাংশৰে ৰাষ্ট্ৰীয় গড় স্পৰ্শ কৰাৰ ব্যৰ্থ হৈছে। আনহাতে, মেঘালয়ে ৭৩.৮ শতাংশৰে তলত স্থান লাভ কৰিছে।

 

Related News