NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত উচ্চ শিক্ষা ক্ষেত্ৰত পুৰুষক পিছ পেলালে মহিলাই

Posted by: এন ই নাও নিউজ January 6, 2018 5:07 pm
উচ্চ শিক্ষা

উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় সমীক্ষাৰ শেহতীয়া তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ছিকিমৰ মহিলাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত পুৰুষক চেৰ পেলাইছে।

মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ যাভেদেকাৰে মুকলি কৰা এই তালিকা অনুসৰি উচ্চ শিক্ষা গ্ৰহণ কৰিব খোজা শিক্ষাৰ্থীৰ অনুপাত যোৱা ৪ বছৰত প্ৰায় অপৰিৱৰ্তিত থকাৰ বিপৰীতে পূৰ্বতকৈ অধিক সংখ্যক মহিলাই উচ্চ শিক্ষা গ্ৰহণ কৰিব খোজা হেতুকে এই ক্ষেত্ৰত থকা লিংগ পাৰ্থক্য হ্ৰাস পাইছে।

এই সমীক্ষা অনুসৰি ২০১০-১১ চনৰ ০.৮৬ ৰ বিপৰীতে লিংগ সমতা সূচকত (Gender Parity Index) ২০১৬-১৭ চনত ০.৯৪ প্ৰদৰ্শন যোৱা ৭ টা বছৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

এই সমীক্ষা দেশৰ ৭৯৫ খন বিশ্ববিদ্যালয়, ৩৪১৯৩ খন কলেজ আৰু ৭৪৯৬ খন আন্যান্য শিক্ষানুষ্ঠানৰ সঁহাৰিৰ ভিত্তিত যুগুত কৰা হৈছে। বৰ্তমান দেশত মুঠ ৮৬৪ খন বিশ্ববিদ্যালয়, ৪০০২৬ খন কলেজ আৰু ১১৬৬৯ খন অন্যান্য শিক্ষানুষ্ঠান আছে।