NORTHEAST NOW (Assamese)
অসম

উবেৰ কৰ্তৃপক্ষৰ মইমতালিত উত্তপ্ত পৰিস্থিতি : গাড়ীৰ সংখ্যা কমাবলৈ হঠাতে বন্ধ কৰি দিছে কিছুমান চালকৰ একাউণ্ট

Posted by: অনিৰ্বাণ পাঠক May 28, 2018 10:31 pm
uber-image-570x320

২৮ মে’ত এগৰাকী উবেৰ চালকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক কেন্দ্ৰ কৰি কেব অ’পাৰেটৰ সংস্থাটোৰ কাৰ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, কালীন্দ্ৰ বৰ্মন নামৰ এজন চালকক উবেৰ কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে কাৰ্যালয়ৰ ভিতৰতে শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছত একাংশ উবেৰ চালক উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি উবেৰৰ অধীনত গাড়ী চলোৱা কালীন্দ্ৰ বৰ্মন নামৰ চালকজনৰ AS 01 HC 6102 নম্বৰৰ গাড়ীখনৰ একাউণ্টটো কোনো আগজাননী নিদিয়াকৈ উবেৰ কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত চালকজনে কিয় একাউণ্টটো বন্ধ কৰি দিয়া হ’ল জানিবলৈ মহানগৰীৰ জয়ানগৰস্থিত উবেৰৰ কাৰ্যালয়ত উপস্থিত হৈছিল। কিন্তু কৰ্তৃপক্ষই তেওঁৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়ে। একাউণ্ট  বন্ধ হৈ যোৱা বুলি গম পাই উবেৰ চলাই পৰিয়াল পোহপাল দিয়া কালীন্দ্ৰ বৰ্মনে কাৰ্যালয়ৰ ভিতৰতে ঢলি পৰে। কিন্তু কিছুসময়ৰ পাছত তেওঁ পুনৰ সুস্থ হৈ উঠাত কাৰ্যালয়টোৰ নিৰাপত্তাৰ দায়িত্তত থকা ডিম্পল শইকীয়া নামৰ লোকজনে তেওঁক গঁতিয়াই কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে।

ঘটনা সন্দৰ্ভত চালক কালীন্দ্ৰ বৰ্মনে বশিষ্ট থানাত এখন এজাহাৰ দাখিল কৰিছে।

উবেৰ চালকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ আঁত ধৰি অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সভাপতি ইছমাইল আলীয়ে নৰ্থ-ইষ্ট নাওক অৱগত কৰি কয় যে বিগত ১৭ মে’ত কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলাৰ পৰিবহণ বিভাগ, অ’লা-উবেৰ কৰ্তৃপক্ষ আৰু অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ এখন সভা অনুষ্ঠিত হৈছিল। সভাৰ সিদ্ধান্ত মৰ্মে অ’লা-উবেৰ কৰ্তৃপক্ষক অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ লগত আলোচনা কৰি চালকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ নিৰ্দেশ দিছিল পৰিবহণ বিভাগে। এই সভাতেই অ’লা-উবেৰৰ অধীনত চলা সকলো গাড়ীৰ হিচাপ ১৫ দিনৰ ভিতৰত জিলা প্ৰশাসনক দিয়াৰ নিৰ্দেশ দিয়া হৈছিল।

ইছমাইল আলীয়ে জানিবলৈ দিয়া মতে মহানগৰীত অ’লা-উবেৰৰ অধীনত প্ৰায় পোন্ধৰ হাজাৰ গাড়ী চলে। কিন্তু প্ৰশাসনে ইয়াৰ হিচাপ বিচৰাৰ পাছতেই অ’লা-উবেৰ কৰ্তৃপক্ষই গাড়ীৰ এই সংখ্যা কমোৱাৰ প্ৰয়াস কৰি সামান্য ভুলতেই কোনো আগজাননী নিদিয়াকৈ কিছুমান গাড়ীৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

কালীন্দ্ৰ বৰ্মন নামৰ চালকজনৰ ক্ষেত্ৰতো এনেকুৱা ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।