NORTHEAST NOW (Assamese)
অসম

উন্নয়নৰ ব্যৰ্থতা ঢকাৰ উদ্দেশ্যে কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপনৰ কৌশল লয় বিজেপিয়ে : দেৱব্ৰত শইকীয়া

Posted by: এন ই নাও নিউজ April 2, 2018 8:22 pm

ৰাজ্যৰ উন্নয়নৰ কাম-কাজৰ ক্ষেত্ৰত সমুলি ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে জনসাধাৰণৰ দৃষ্টি অন্য দিশত আকৰ্ষিত কৰাৰ বাবেহে কংগ্ৰেছৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে বুলি কয় কংগ্ৰেছৰ দলপতি দেৱব্ৰত শইকীয়াই।

শাসনাধিস্থ বিজেপি মিত্ৰজোঁট চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি থকাৰ সময়তে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত শইকীয়াই উক্ত মন্তব্য কৰে।

বিজেপিৰ অভিযোগক নস্যাৎ কৰি বিৰোধী দলপতি গৰাকীয়ে প্ৰেছ বিবৃতিটোত কয় যে আজি তেওঁৰ দ্বাৰা ‘সদনত উত্থাপিত ৮৯৪ নং প্ৰশ্নৰ উত্তৰত প্ৰতিপন্ন হৈছে যে, কংগ্ৰেছৰ কোনো মন্ত্ৰী বা বিধায়কে এতিয়ালৈকে দুৰ্নীতিত জড়িত বুলি প্ৰমাণিত হোৱা নাই।’

আনহাতে তেওঁ উত্থা্পন কৰা প্ৰশ্নৰ উত্তৰত চৰকাৰে ‘ৰহস্যজনক ভাৱে’ লুই বাৰ্জাৰ কেলেংকাৰীত অভিযুক্ত ৰাজনৈতিক নেতা তথা কাৰ্বি আংলঙত সংঘটিত কোটি টকীয়া কেলেংকাৰীত লিপ্তসকলৰ সম্পৰ্কত কোনো প্ৰসংগ উল্লেখ নৰকাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।