NORTHEAST NOW (Assamese)
অসম

উন্নয়ন!! বঙাইগাঁৱৰ কোকিলাত মাত্ৰ ১৫ কিঃমিঃ দূৰত্বত আছে সাতখনকৈ জৰাজীৰ্ণ কাঠৰ দলং

Posted by: ইয়াছিন আলী July 25, 2018 11:46 am
Photo Editor-20180725_100108

গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিল যে আগন্তুক দুই বছৰৰ ভিতৰত অসমৰ কোনো ঠাইতে কোনো ধৰণৰ জৰাজীৰ্ণ কাঠৰ দলং নাথাকিব। মন্ত্ৰীগৰাকীৰ এই মন্তব্যই উৎফুল্লিত কৰি তুলিছিল বঙাইগাঁও জিলাৰ মানিকপুৰ আৰু কোকিলা অঞ্চলৰ লোকসকলক।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কোকিলাৰ পৰা মানিকপুৰলৈ যোৱা মাত্ৰ ১৫ কিলোমিটাৰ দূৰত্বৰ গড়কাপ্তানী পথটোত আছে সাতখনকৈ বিপদজনক কাঠৰ দলং। আৰু এই বিপদজনক দলং কেইখনৰে সদায় অহা-যোৱা কৰে হাজাৰ হাজাৰ পথচাৰীৰ লগতে ১০-১২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

কোকিলাৰ পৰা মানিকপুৰৰ এই ১৫ কিঃমিঃ দূৰত্বৰ গড়কাপ্তানী পথত থকা কাঠৰ দলংকেইখন ক্ৰমে চকিহালী বজাৰৰ পশ্চিম ফালে শিসুতল, চকিহালী-বগুলামাৰী কাঠৰ দলং, মৌখোৱা-বগুলামাৰীৰ মাজত, বেছিমাৰী বজাৰ সংলগ্ন কাঠৰ দলং, চান্দামাৰী কাঠৰ দলং, ঝাউবাৰী-শৌলমাৰী সংযোগী কাঠৰ দলং, (মানিকপুৰ) বৰবিলা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাঠৰ দলং।

উল্লেখিত কাঠৰ দলং কেইখন ক্ৰমান্বয়ে যাতায়াতৰ বাবে অনুপযোগী হৈ অহা পৰিলক্ষিত হৈছে। সেয়ে উক্ত অঞ্চলৰ স্থানীয় লোকসকলে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ জনতাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে অতি শীঘ্ৰে কাঠৰ দলং কেইখন পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাইছে।