NORTHEAST NOW (Assamese)
অসম

জন্মু আৰু কাশ্মীৰত লস্কৰ-ই-তৈবাৰ দুই সহযোগীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 8:54 am
militant

জন্মু আৰু কাশ্মীৰত লস্কৰ-ই-তৈবাৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে জন্মু আৰু কাশ্মীৰৰ বাৰমুলা জিলাৰ চুপুৰে অঞ্চলত গ্ৰেণেড বিস্ফোৰণত জড়িত থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুগৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ মতে যোৱা বছৰৰ ১২ ডিচেম্বৰত ৩ গৰাকী অসামৰিক লোক আহত হোৱা উত্তৰ কাশ্মীৰৰ চুপুৰে আৰক্ষী চকীৰ এটা বাছ আস্থানত সংঘটিত গ্ৰেণেড বিস্ফোৰণত সন্ত্ৰাসবাদী সংগঠনটোৰ উক্ত দুই সহযোগী জড়িত আছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন নুৰ বাঘ চপুৰেৰ মহম্মদ আছিফ নজৰ আৰু চুপুৰেৰ গ্ৰীণ টাউনৰ চাহিল ৰছিদ ভাট বুলি জানিবলৈ দিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়োগৰাকী লোককে মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰু জেৰাত তেওঁলোক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰিছে।

ধৃত দুয়োগৰাকী লোক সন্ত্ৰাসবাদী সংগঠনটোৰ অ’ভাৰগ্ৰাউণ্ড কৰ্মী হিচাপে কাম কৰি অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।