NORTHEAST NOW (Assamese)
জীৱনশৈলী

দিহা ভৰসা: আপোনাৰ সমস্যা, আমাৰ সমাধান; প্ৰেৰণ কৰক আপোনাৰ প্ৰশ্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2023 8:18 pm
problems and solutions

প্ৰশ্নঃ মোৰ স্বামীয়ে এক অবৈধ সম্পৰ্কত লিপ্ত হোৱা বুলি জানিব পাৰি মই ভাগি পৰিছো। মানুহ কিয় পৰকীয়া প্ৰেমৰ প্ৰতি আকৃষ্ট হয়। মই কি কৰোঁ? সেই মহিলাগৰাকীৰ পৰা মই মোৰ স্বামীক মোৰ ওচৰলৈ কেনেকৈ ঘূৰাই আনো। কিবা উপায় আছেনে? (প্ৰশ্নকৰ্তা- জ্যোতি শইকীয়া, বয়স – ৩৪, গোলাঘাট)

উঃ কি উত্তৰ দিওঁ? আপোনাৰ প্ৰতি তেওঁৰ মৰম চেনেহ আছে নাই? আপুনি এটা কাম কৰক, আপোনাৰ আৰু তেওঁৰ দুয়োৰো উমৈহতীয়া বন্ধু যদি কোনোবা আছে প্ৰথমে তেওঁৰ লগত কথাটো পাতকচোন। কথাটো জটিল।কথা পাতি উঠাৰ পিছত আকৌ মোৰ লগত যোগাযোগ কৰিব।

প্ৰশ্নঃ শুনিছোঁ আত্মাৰ মৰণ নাই। মানুহ মৰিলে মানুহৰ আত্মাটো কি হয়? ক’লৈ যায়? (প্ৰশ্নকৰ্তা- নয়ন দাস, বয়স – ২৩, তেজপুৰ)

উঃ আত্মা মানে কি? আত্মা মানে যদি আমি চেতনা বুলি কওঁ তেন্তে এই চেতনা এটা শাৰীৰিক আৰু মানসিক উপাদানৰ সংমিশ্ৰণ। মৃত্যুৰ লগে লগে এই প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। গতিকে আত্মা অমৰ বুলি কোনো এটা কথা নাই।

প্ৰশ্নঃ মই প্ৰথম বিভাগত ৰাজনীতি বিজ্ঞানত বি এ পাছ কৰিলো। কিন্তু তাৰ পিছত নামভৰ্তিৰ কাৰণে দিয়া পৰীক্ষাবোৰত মই ভাল নম্বৰ নাপালোঁ। এতিয়া মই কি কৰো? (প্ৰশ্নকৰ্তা- কুলদীপ গগৈ, বয়স- ২২, নলবাৰী)

উঃ তুমি একো চিন্তা নকৰিবা। নিজৰ বিষয়ত মনপুতি লাগি পঢ়া শুনা কৰি থাকা আৰু লগে লগে প্ৰশাসনিক বিষয়াৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকা।

উত্তৰদাতা – অৰিন্দম বৰুৱা।