NORTHEAST NOW (Assamese)
দেশ

চন্দ্ৰৰ কক্ষপথত সফলতাৰে অৱতৰণ চন্দ্ৰযান-৩ ৰ: জনালে ইছৰোৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2023 9:03 pm
Chandrayaan-3

ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ। দেশৰ বহু প্ৰতীক্ষিত মহাকাশ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰৰ কক্ষপথত সফলতাৰে অৱতৰণ কৰোৱা হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে সদৰী কৰিছে এই খবৰ।

ইছৰোৱে প্ৰকাশ কৰা মতে, চন্দ্ৰৰ আটাইতকৈ ওচৰৰ বিন্দুত (পেৰিলুন) থকাৰ সময়তে এই কাৰ্য সম্পন্ন কৰা হৈছিল। বেংগালুৰুৰ ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং, এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক)ৰ দ্বাৰা এই কাৰ্যৰ তদাৰক কৰা হৈছিল।

পৰৱৰ্তী অভিযান দেওবাৰে নিশা প্ৰায় ১১ বজাত (IST) তদাৰক কৰা হ’ব বুলি ঘোষণা কৰিছে ইছৰোৱে। এক টুইট যোগে ইছৰোৱে চন্দ্ৰযান-৩ৰ শেহতীয়া এই সাফল্যৰ বিষয়ে সদৰী কৰে।

 

ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ সংস্থাটোৱে চন্দ্ৰযান-৩ ৰ কাৰ্যবিধি স্বাভাৱিক আৰু ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰা হ’ব বুলি জানিবলৈ দিছিল।

গত ১৪ জুলাইত উৎক্ষেপণ কৰাৰ পিছৰে পৰা চন্দ্ৰযান-৩ য়ে লক্ষ্য অভিমুখে প্ৰায় দুই তৃতীয়াংশ দূৰত্ব অতিক্ৰম কৰিছে বুলি শুকুৰবাৰে ইছৰোৱে প্ৰকাশ কৰিছিল।