NORTHEAST NOW (Assamese)

উন্মুক্ত শ্লুইচ গেটেৰে সোমোৱা পানীয়ে বুৰালে নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল

July 7, 2018 8:40 am · মিটু খাটনিয়াৰ

ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ বাঢ়নি পানীত প্লাৱিত হ’ল নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল। মাজুলী জলসম্পদ বিভাগে নামনি মাজুলীৰ গুৱালগাঁও-কাকৰিতা মথাউৰিত দুখন শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাৰ বাবেই বাঢ়নি পানী সোমাই মথাউৰিৰ অন্তৰ্ভাগ প্লাৱিত কৰি তোলে।

নাৱাৰ্ডৰ ৭.৫০ কোটি টকাৰ অৰ্থ সাহায্যৰে  ২০১৩ চনৰ পৰা নামনি মাজুলীৰ বোকোৰা কাকৰিকতা বিলৰ পৰা গুৱালগাঁও-পহুমৰালৈকে নিৰ্মাণ কৰিব লগা মথাউৰিটোৰ নাডুৱাজান আৰু দলঙাহোলাত দুখন শ্লুইচ গেট নিৰ্মাণৰ ক্ষেত্ৰত জলসম্পদ বিভাগে হেমাহি কৰাৰ ফলতেই উন্মুক্ত শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আহে।

ইয়াৰ ফলত মাজুলীৰ সৰু এলেঙী, আদি এলেঙী, বালিচাপৰি, অভয়পুৰ, পহুমৰা, কাকৰিকতা, বোকোৰা, ২নং বৰগঞা, বালিগাঁও, গোবিনপুৰ, ১নংবৰগঞা আদিলৈকে প্লাৱিত হোৱাত সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী ।

আনহাতে বছৰটোৰ দ্বিতীয়টো বানৰ কবলত পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নামনি মাজুলীবাসীৰ। ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত নামনি মাজুলীৰ ন ন অঞ্চল প্লাৱিত হৈ পৰে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নামনি মাজুলীৰ ১০খনতকৈ অধিক গাঁও বানত বুৰাই পেলায়। নামনি মাজুলীৰ মিছামৰা, বাঘগাঁও, মাজৰ চাপৰি, চাৰিঘৰীয়া, বৰজান, চিৰামপু্ৰীয়া, মলুৱালকলিতা, ওখলচুক আদি গাঁওকেইখন প্লাবিত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে সৰ্বসাধাৰণ। আনহাতে কৃষি পথাৰসমূহ পানীৰ তল যোৱাত পশুধনৰ খাদ্যৰ অভাৱ হৈছে।

Related News