NORTHEAST NOW (Assamese)

উপঢৌকন : কাউৰবাহাত আৰক্ষী বিষয়া মুনীন দত্তক আটক দুৰ্নীতি নিবাৰক শাখাৰ

June 30, 2018 12:46 pm · এন ই নাও নিউজ

বাক্সা জিলাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক উপঢৌকন লোৱাৰ অভিযোগত আটক কৰা হৈছে। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে নিশা অভিযান চলাই কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক আটক কৰে।

কাউৰবাহা আৰক্ষী চকীৰ এটা গোচৰৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তই উপঢৌকন হিচাপে ধন লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই  দত্তক হাতে লোটে আটক কৰে।

জানিব পৰা মতে বিহাপাৰা গাঁৱৰ আনচাৰ আলী নামৰ এজন লোকে এটি গোচৰত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কাউৰবাহা উপ-আৰক্ষী চকীত জামিনৰ কাগজ পত্ৰ দিবলৈ যোৱাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তই ১ লাখ টকা দাবী কৰে। আৰক্ষী বিষয়া গৰাকীয়ে পূৰ্বে আগধন হিচাপে আনচাৰ আলীৰ পৰা সাত হাজাৰ পাঁচশ টকা লোৱাৰ অভিযোগ আছে।

শুকুৰবাৰে পুনৰ  তেওঁলোকৰ পৰা ছয় হাজাৰ টকা লৈ থাকোতে পূৰ্বেৰ পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে আৰক্ষী বিষয়া গৰাকীক হাতে-লোটে ধৰা পেলায়। দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত নবী আজাদ নামৰ আন এজন মধ্যস্থতাকাৰীকো আটক কৰে।

কাউৰবাহা উপ আৰক্ষী চকীৰ ভিতৰতে দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্ত আৰু নবী আজাদ নামৰ দালালজনক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই চাৰি ঘন্টাতকৈয়ো অধিক সময় জেৰা কৰে। ইয়াৰ পিছত দত্তক  গুৱাহাটীলৈ লৈ যোৱা হয়।

আনহাতে, কেইবা শতাধিক ৰাইজ উপ আৰক্ষী চকীৰ চৌহদত উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক কঠোৰতম শাস্তি বিহাৰ দাবীত  ধৰ্ণা দিয়ে।

Related News