NORTHEAST NOW (Assamese)

উমৰাংচুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব : মুখ্য মন্ত্ৰী সোণোৱাল

March 17, 2018 4:32 pm · এন ই নাও নিউজ

উমৰাংচুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰত পৰিণত কৰা হ’ব। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কয় যে উমৰাংচুক জনপ্ৰিয় কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰে ডিমা হাচাও জিলাত উন্নয়নমূলক কাম-কাজ বৃদ্ধি কৰিব।

উমৰাংচুত অসম অসামৰিক সেৱা প্ৰশিক্ষণ কেন্দ্ৰ এটা আৰু উদ্যান শস্য মহাবিদালয় এখন স্থাপনৰ কথাও মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে।

ডিমাচা মুক্তি যোদ্ধা বীৰ শম্বুধন ফংল’ৰ ১৬৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত ভাগ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘উমৰাংচু বৰ সুন্দৰ ঠাই আৰু গোটেই জিলাখনৰ উন্নয়নৰ লগতে ইয়াকো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন কেন্দ্ৰত পৰিণত কৰিবলৈ ৰাজ্য চৰকাৰ খুবেই আগ্ৰহী।’

বৃটিশ্বৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিয়া অঞ্চলটোৰ এজন অন্যতম প্ৰথম নেতা আছিল বীৰ শম্বুধন।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীয়ে গাওঁবুঢ়াজনক মাননি প্ৰদান কৰাৰ লগতে থাইলেণ্ডত শেহতীয়াকে হোৱা মিঃ এছিয়া প্ৰতিযোগিতাৰ ফাৰ্স্ত ৰানাৰ্ছ আপ খিতাপ পোৱা প্ৰণৱ লাংথাচাকো সম্বৰ্ধনা জ্ঞাপন কৰে।

Related News