NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ অৰ্থনৈতিক আন্দোলন শুভাৰম্ভণি কৰে আছু নেতা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই

Posted by: ৰমণী শৰ্মা March 17, 2018 5:00 pm

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত কলিয়াবৰত স্থানীয় চাহিদা পূৰণৰ লক্ষ্যৰে আৰম্ভ হ’ল থলুৱা গামোচা উৎপাদনৰ অভিলাষী প্ৰকল্প।

শিপিনী সকলে যাতে তাঁতত বহিয়ে সপোন ৰচিব পাৰে, শিপিনী সকল স্বাৱলম্বী হৈ আগুৱাব পাৰে তাৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই আয়োজন কৰা নিজ চিলাবন্ধা গাঁৱত অৰ্থনৈতিক আন্দোলনৰ শুভাৰম্ভণি কৰে অাছুনেতা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱক শিপিনী গাঁৱৰ স্বীকৃতি প্ৰদান কৰি গাঁৱৰ মহিলাৰ প্ৰতিভাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। এই অনুষ্ঠানটোত কলিয়াবৰৰ ১৬ খন গাঁৱৰ শিপিনীৰ প্ৰতিনিধিৰ দলে অংশ গ্ৰহণ কৰে।

আনহাতে উক্ত অনুষ্ঠানটোত উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে কয় যে উদ্যোগটো যাতে অসমৰ চানেকি স্বৰূপ হয়। লগতে বহিঃৰাজ্যৰ পৰা অহা গামোচাক বিদায় দি এই থলুৱা শিপিনীয়ে বোৱা গামোচাক ৰাইজে আদৰিবলৈ ল’বলৈ আহ্বান জনায়।

ইফালে জনপ্রিয় অভিনেত্ৰী গৰাকীয়ে নিজেও এগৰাকী নাৰী হৈ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ পাই গৌৰৱাম্বিত হোৱা বুলি মত প্ৰকাশ কৰে।