NORTHEAST NOW (Assamese)

উৎকোচ লৈ চিবিআইৰ জালত অ’এনজিচিৰ শীৰ্ষ বিষয়া

May 16, 2018 4:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

এগৰাকী ঠিকাদাৰৰ পৰা ২ লাখ টকা উৎকোচ লোৱাৰ সময়তে বুধবাৰে শিৱসাগৰৰ অ’এনজিচিৰ উপ-মহা প্ৰৱন্ধক অৰবিন্দ কুমাৰ সিঙক চিবিআইৰ এটা দলে হাতে-লোটে ধৰা পেলায়।

ঘটনাটোৰ সত্যতা নিশ্চিত কৰি চিবিআইৰ সূত্ৰই নৰ্থইষ্ট নাওক কয়-‘এয়া সঁচা’। সূত্ৰসমূহে নৰ্থইষ্ট নাওক জনোৱা মতে অভিযুক্ত গৰাকীক বৃহস্পতিবাৰে ৰাতিপুৱা গুৱাহাটীলৈ অনা হ’ব। অৱশ্যে তেওঁলোকে এইক্ষেত্ৰত বিভাগীয় প্ৰক্ৰিয়া সম্পন্ন কৰোতে ৬-৭ ঘন্টা সময় লাগিব বুলি কৈ অধিক তথ্য দিয়াৰ পৰা বিৰত থাকে।

সূত্ৰসমূহে কয় যে অভিযুক্ত বিষয়াগৰাকীয়ে এগৰাকী ঠিকাদাৰৰ পৰা তেওঁক কোটি টকীয়া ঠিকা দিয়াৰ বিনিময়ত উৎকোচ বিচাৰিছিল। এই দাবীৰ পৰিপ্ৰেক্ষিতত ঠিকাদাৰগৰাকীয়ে গুৱাহাটীৰ চিবিআইৰ কাৰ্যালয়ত এটা অভিযোগ দাখিল কৰে।

ঠিকাদাৰগৰাকীৰ অভিযোগৰ পিছতে চিবিআই বিষয়াৰ এটা দল গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যায় আৰু পৰিকল্পিতভাৱে জাল পেলাই উৎকোচ লৈ থকাৰ সময়তে বিষয়াগৰাকীক হাতে-লোটে ধৰা পেলায়।

 

Related News