NORTHEAST NOW (Assamese)
অসম

সাৱধান! ফে’ছবুক ব্যৱহাৰকাৰী পৰিব পাৰে ভয়ংকৰ বিপদত, সতৰ্কীকৰণ জাৰি অসম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ May 16, 2018 5:03 pm
Facebook fraud in assam

আপুনি ফে’ছবুক ব্যৱহাৰ কৰে নেকি? কৰে যদি আপোনাৰ বাবেই এই খবৰ। কোনো অজ্ঞাত ব্যক্তিয়ে ভয়াৱহ প্ৰবঞ্চনা ( Facebook fraud in Assam )ৰ জাল তৰিছে ফে’ছবুকত! এই সন্দৰ্ভত সতৰ্ক কৰি দি অসম আৰক্ষীয়ে আজি ১৬ মে’ত জাৰি কৰিছে এক সাৱধানবাণী।

অসম আৰক্ষীৰ সতৰ্কীকৰণত কোৱা হৈছে যে ‘আপুনি আপোনাৰ ফেচবুক একাউণ্টত মেচেজযোগে এটা লিংক পাব। এই লিংকত ক্লিক কৰিলেই আপোনাৰ একাউণ্ট লগ আউত হোৱা বুলি দেখুৱাব আৰু পুনৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড দিবলৈ এক উইনড’ খোল খাব। আপুনি নিজৰ য়ুজাৰ আই ডি, পাছৱৰ্ড তাত দিয়াৰ লগে লগে আপোনাৰ এই তথ্য কোনো অজ্ঞাত ব্যক্তিয়ে পাব। এই তথ্য লৈ সেই অজ্ঞাত ব্যক্তিয়ে আপোনাৰ পাছৱৰ্ড সলনি কৰিব। ফলত আপুনি নিজৰ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰিব নোৱৰা হব। আপোনাৰ একাউণ্টৰ দুৰ্ব্যৱহাৰ কৰি ফেচবুক ৱালত আৰু আপোনাৰ ফ্রেণ্ডলিষ্টত থকা লোকসকলক টকা বিচাৰি প’ষ্ট আৰু মেছেজ দিব। এনে লিংক থকা মেছেজবোৰৰ পৰা সাৱধান হওক। কোনো কাৰণত নিজৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড এই লিংকৰ পৰা পোৱা কোনো উইনড’ত নিদিব।’

অসমৰ বাহিৰে আন ৰাজ্য বা দেশত এনে ঘটনা ঘটিছে নেকি এতিয়ালৈকে জানিব পৰা হোৱা নাই।