NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত ৪০০ৰো অধিক লোকৰ বিজেপিত যোগদান

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং October 19, 2020 7:20 pm

২০২১ত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে সংখ্যালঘু প্ৰধান অঞ্চলত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ ৰাজনৈতিক গতিবিধি বৃদ্ধি কৰিছে।

বিজেপিয়ে সেই লক্ষ্য আগত ৰাখিয়েই আজি ধুবুৰী জিলা সমিতিৰ উদ্যোগত দুখন বিশাল যোগদান সভা অনুষ্ঠিত কৰে।

জিলাখনৰ গ্ৰাম্যাঞ্চলৰ সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰে আৰু ভোটাৰসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলায়।

সেই উদ্দ্যেশ্য আগত ৰাখিয়েই আজি জিলা বিজেপিৰ নেতৃত্বই আজি দুখন যোগদান সভাৰ আয়োজন কৰে।

জিলাখনৰ চিলঘাগৰি হাওৰাপাৰ গাঁও পঞ্চায়ত আৰু বছযানি জাঘ্ৰাপাৰ গাঁও পঞ্চায়তত আয়োজিত সভা দুখনত প্ৰায় ৫০০ লোকে বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰা লোকসকল এআইয়ুডিএফ আৰু কংগ্ৰেছৰ পৰা অহা বুলি জানিবলৈ দিয়ে বিজেপি নেতৃত্বই।

ধুবুৰী জিলা বিজেপিৰ সভাপতি দেবময় চান্যলে এই লোকসকলক দললৈ উষ্ম আদৰণি জনায়। সভাপতি গৰাকীয়ে এই লোকসকলক সমাজৰ উন্নয়নমূলক কাম-কাজত জৰিত হ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে বিগত কিছু মাহৰ পৰা জিলা বিজেপিৰ নেতৃত্বত ধুবুৰী আৰু গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ প্ৰায় ২৫০০ লোকে বিজেপিত যোগদান কৰিছে।