NORTHEAST NOW (Assamese)
অসম

CAA ৰ বিৰোধিতাৰে মুম্বাইত বলিউদৰ অভিনেতা-অভিনেত্ৰীৰ তীব্ৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 7:58 pm
Bollywood

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে আজি মুম্বাইত আইনখনৰ বিৰোধিতাৰে ওলাই আহিল বলিউদৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰী।

বলিউদৰ জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰৰ নেতৃত্বত আজি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে উলিওৱা প্ৰতিবাদী সমদলত চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ওম প্ৰকাশ মেহৰা, অভিনেত্ৰী শ্বাৰা ভাস্কৰৰ লগতে বহু কলা-কুশলী উপস্থিত থাকে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ফাৰহান আখতাৰে আইনখনক বৈষম্যমূলক আখ্যা দিয়ে।

‘‘যিখন দেশত মোৰ জন্ম হৈছে, মই ডাঙৰ দীঘল হৈছো সেইখন দেশত মোৰ মত প্ৰকাশৰ অধিকাৰ আছে আৰু যদি দেশত সকলো থিকে আছে তেনেহ’লে অসমৰ পৰা কেৰালালৈ সকলোতে কিয় প্ৰতিবাদ হৈছে?’’ আখতাৰে প্ৰশ্ন কৰে।

আনহাতে, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ওম প্ৰকাশ মেহৰাই চৰকাৰে কিবা অসাংবিধানিক কাম কৰিলে জনতাই প্ৰতিবাদ কৰিবই লাগিব বুলি মন্তব্য কৰে।

‘‘আমি চৰকাৰক নিৰ্বাচন কৰিছো আমাক চৰকাৰে নিৰ্বাচন কৰা নায়,’’ মেহেৰাই কয়।

অসম তথা উত্তৰ-পূবত CAA বিৰোধী আন্দোলনে প্ৰবল ৰূপ ধাৰণ কৰিছে। অসমত সকলো স্তৰৰ জনসাধাৰণ আইনখনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে।