NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত আছা আৰু আটছাৰ সহস্ৰাধিক ৰাইজৰ সহযোগত “C (A)A” বিৰোধী প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 8:00 pm

সমগ্ৰ ৰাজ্য তথা দেশতে অব্যাহত আছে নাগৰিকত্ব সংশোধন আইন বিৰোধী প্ৰতিবাদ। অন্যান্য সংগঠনৰ সমান্তৰালভাৱে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাইয়ো লখিমপুৰ জিলাত আদিবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী বাহিৰ কৰে।

আছা আৰু আটছাই আদিবাসী ৰাইজৰ সহযোগত হাৰমতী বাগান খেলপথাৰৰ পৰা এই ‘কা’ বিৰোধী প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী বাহিৰ কৰে।

সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰে ‘কা’ৰ জৰিয়তে বাংলাদেশীক বৰপীৰা পাৰি অসমৰ ভূমিপুত্ৰ জাতি সমূহক নিশেষ কৰিব খোজা অভিসন্ধি মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

তাৰোপৰি আদিবাসীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰা বিজেপি চৰকাৰে চক্ৰান্তৰে অবৈধ হিন্দু বাংলাদেশীক আনি যি বৈষম্য কৰিব খুজিছে তাৰ উচিত প্ৰতুত্তৰ দিবলৈ আদিবাসী ৰাইজ সাজু আছে বুলিও উল্লেখ কৰে।