NORTHEAST NOW (Assamese)
অসম

শচীনে নিজৰ ১০০তম শতক সম্পূৰ্ণ কৰি তেওঁক কি কৈছিল? জনালে সুৰেশ ৰাইনাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 8:20 am
baa2ab5d0eee23b3891e1d80032ee8efb259fba40d90cbd7430820569f454549

সুদীৰ্ঘ আন্তৰ্জাতিক ক্ৰিকেট কেৰিয়াৰত সুৰেশ ৰাইনাই প্ৰায় সাত বছৰ একেলগে শচীন তেণ্ডুলকাৰৰ সৈতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

শচীনৰ সৈতে কটোৱা বহু স্মৰণীয় একান্ত ব্যক্তিগত মুহূৰ্তৰ লগতে দলীয় সফলতাৰো সাক্ষী হৈছে ৰাইনা।

এইবোৰৰ ভিতৰত ৰাইনাই আটাইতকৈ বৃহৎ সফলতা হিচাপে উল্লেখ কৰিছে ২০১১চনৰ আইচিচি বিশ্বকাপ খিতাপ জয়ৰ সফলতা।

কিন্তু শচীনৰ আন এটি বিশ্ব অভিলেখৰ বাইশ গজৰ সংগী হিচাপে আছিল সুৰেশ ৰাইনা যিটো তেওঁৰ বাবে পাহৰাটো খুবেই কঠিন।

ৰাইনাই উল্লেখ কৰে,’’ সিদিনাই বুজিব পাৰিছিলো পাজিয়ে কিমান ডাঙৰ মানসিক চাপ কঢ়িয়াই ফুৰিছিল।‘’

দৰাচলতে সিদিনা শচীনে তেওঁৰ শততম আন্তৰ্জাতিক শতৰাণটো সম্পূৰ্ণ কৰে আৰু ননষ্ট্ৰাইকাৰৰ দিশত তেওঁৰ সৈতে বেটিং কৰি আছিল ৰাইনাই।

সেইদিনা বাংলাদেশৰ বিৰুদ্ধে শতৰাণ কৰাৰ পাছত তেণ্ডুলকাৰে ৰাইনাক কি কৈছিল সেইকথা ৰাইনাই ইএছপিএন-ক্ৰিকইনফ’ক জানিবলৈ দিছে।

২০১২ চনত এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীনে নিজৰ আন্তৰ্জাতিক ক্ৰিকেটৰ ১০০তম চেঞ্চুৰী সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পাছতে সংগী ৰাইনাই শচীনক অভিনন্দন জনায়। ৰাইনাই শচীনক কয়,’’ৱেল ডান পাজি, বহুদিন ধৰি এইটোৱেই বাকী ৰৈ আছিল।‘’

ইয়াৰ উত্তৰত শচীনে ৰাইনাক কৈছিল,’’ এই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি মোৰ চুলি পকি গ’ল।‘’