NORTHEAST NOW (Assamese)

উৰণ বাতিলত অতিষ্ঠ যাত্ৰীয়ে ইম্ফল এয়াৰপ’ৰ্টত সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি

January 13, 2018 8:12 pm ·

আজি ইম্ফলৰ পৰা গুৱাহাটীলৈ আহিব লগীয়া ইণ্ডিগ’ এয়াৰ লাইনছৰ এখন বিমানৰ উৰণ বাৰে বাৰে পিছুৱাই থকাৰ পিছত অতিষ্ঠ যাত্ৰীসকলে এয়াৰপ’ৰ্টটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে আজি পুৱা ৯.৪৫ বজাত গুৱাহাটীলৈ আহিব লগীয়া IndiGo 6E 687 বিমানখনৰ উৰণ কেইবা বাৰো পিছুৱাই দিয়া হয়।

তাৰো পিছত ২.৩০ বজাত বিমানখনৰ উৰণ বাতিল কৰা হয়। এয়াৰপ’ৰ্ট কৰ্তৃপক্ষই তেওঁলোকে নিজৰ দায়িত্ব নিজে ল’বলৈ আহ্বান জনায়।

ইমান পৰে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি অতিষ্ঠ হৈ পৰা প্ৰায় ১৭৪ জন যাত্ৰীৰ তেতিয়া ধৈৰ্য্যৰ সীমা ছিগি যায়। যাত্ৰীসকলে চিঞৰ-বাখৰ কৰি এয়াৰপ’ৰ্টটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

এই সন্দৰ্ভত মন্তব্য দিবলৈ বিমান পৰিবহণ কোম্পানীটোৰ কোনো কৰ্মকৰ্তাক পোৱা নগ’ল।

উল্লেখযোগ্য যে এই মাহৰ প্ৰথমভাগতে এখন সংসদীয় সমিতিয়ে এজন যাত্ৰীক বিমান কোম্পানীৰ কৰ্মচাৰীয়ে গঁতা মৰাৰ ঘটনা এটাৰ গৰিহণা দিছিল আৰু কৈছিল যে বিমান পৰিবহণ সংস্থাবোৰ যাত্ৰীৰ অনুকূল হোৱা উচিত। তেওঁলোকে যাত্ৰীসকলক সুব্যৱহাৰ কৰিবলৈ শিকিব লাগে।

Related News