NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উৰা বাতৰি নিয়ন্ত্ৰণ কৰিবলৈ মোবাইল ইণ্টাৰনেট সেৱাত স্থগিতাদেশ জাৰি মণিপুৰ চৰকাৰৰ

Posted by: এন ই নাও নিউজ July 20, 2018 8:41 pm
mobile_internet-570x320

মণিপুৰ চৰকাৰে পাঁচ দিনৰ বাবে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সৰ্বত্ৰ মোবাইল ইণ্টাৰনেট সেৱাত স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্যখনত বিয়পি যোৱা উৰা বাতৰি, মানুহৰ মাজত সাম্প্ৰদায়িক ঘৃণাৰ বিষবাষ্প বিয়পোৱা ভিডিঅ’  বিয়পি যোৱাটো ৰোধ কৰাৰ উদ্দেশেৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

মণিপুৰ চৰকাৰৰ বিশেষ সচিব (গৃহ) খ ৰঘূমণিয়ে জাৰি কৰা এটা নিৰ্দেশযোগে কৈছে যে সমগ্ৰ মণিপুৰতে আইন-কানুনগত সমস্যাৰ সৃষ্টি কৰিব পৰা উৰা বাতৰি, মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বাৰ্তা বিয়পি যোৱাটো ৰোধ কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এটা সংবাদ মাধ্যমৰ প্ৰতিৱেদনত প্ৰকাশ যে শান্তি আৰু ৰাজহুৱা শৃংখলা বিঘ্নিত কৰিব পৰা অৱস্থা আৰু গণ সঞ্চালনৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মণিপুৰ চৰকৰে।

শেহতীয়াভাৱে ছ’চিয়েল মেডিয়াত ভূৱা আৰু প্ৰৰোচনামূলক বাৰ্তা বিয়পি যোৱাৰ বাবে ৰাজ্যখনত বহুকেইটা গণহিংসাৰ ঘটনা আৰু ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘতিত হৈছে।