NORTHEAST NOW (Assamese)
অসম

এইচ আই ভি/এইডছৰ বিৰুদ্ধে যুঁজ : মিজোৰাম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ সৈতে আইজল এফ চিৰ বুজাবুজিৰ চুক্তি

Posted by: ছাংজুৱালা হামৰ March 2, 2018 12:11 pm
Aizawl-FC-570x320

সামাজিক দায়বদ্ধতাৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি আইজল এফ চিয়ে বৃহস্পতিবাৰে মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে আৰু এইচ আই ভি-এইডছ প্ৰতিৰোধৰ বাবে যৌথ প্ৰচেষ্টাৰে কাম কৰিবলৈ মিজোৰাম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

তেওঁলোকে এই কামৰ বাবে  জ’লনুৱাম, কউনপুৰী, খাউজউল আৰু লেংপুই চহৰত থকা আইজল এফ চিৰ চাৰিখন একাডেমী নিৰ্বাচিত কৰিছে।

মাদক দ্ৰব্য তথা সুৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে সামাজিক সমস্যাসমূহক লৈ চিন্তা কৰাৰ বাবে আইজল এফ চি অতি পৰিচিত নাম।

প্ৰকৃততে, ক্লাৱটোৱে তেওঁলোকৰ  বিত্তীয় সাহায্যৰ অত্যন্ত প্ৰয়োজনত মদৰ কোম্পানীসমূহৰ পৰা স্প’নছৰশ্বিপ আৰু সাহায্য গ্ৰহণ কৰিবলগীয়া হয় যদিও নৈতিকতা আৰু খ্ৰীষ্টান মতবাদৰ ভিত্তিত তেওঁলোক ইয়াৰ বাবে ব্যথিত।

চুক্তি পত্ৰত স্বাক্ষৰ কৰিছে মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ হৈ প্ৰকল্প সঞ্চালক ড০ লালমালছামি ছাইলো আৰু আইজল এফ চিৰ সভাপতি তথ্য স্বত্ত্বাধিকাৰী ৰবাৰ্ট আৰ ৰয়টে।

ইয়াৰ মাজতে শুকুৰবাৰে আইজল এফ চিয়ে বৰ্তমান চলি থকা হিৰো আই লীগৰ ফাইনেলত শক্তিশালী গোকুলম এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

১৭ খন খেলেৰে ২১ পইন্ট সংগ্ৰহেৰে তালিকাত স্থান লাভ কৰা আইজল এফ চিৰ যোৱাবাৰৰ খিতাপ বিজয়ী প্ৰদৰ্শনৰ প্ৰতিফলন বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।