বাক্সাৰ নাগ্ৰীজুলিত পুত্ৰই মৰিয়াই হত্যা কৰিলে পিতৃক

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ লতিবাৰীৰ মাজগাড়ী গাঁৱত আজি নিশা প্ৰায় ৭-৩০ বজাত সংঘটিত হোৱা এক হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণি অনুসৰি আজি সন্ধিয়া মাজগাড়ী গাঁও নিবাসী ভবেশ কলিতা (৬৫) নামৰ লোকজনৰ তেওঁৰ পুত্ৰ যতীন কলিতাৰ লগত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয়। পিছত কাজিয়াই চূড়ান্ত ৰূপ পোৱাত যতীনে পিতৃক নিজ গৃহৰ চোতালতেই লাঠিৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
যতীনৰ লাঠিৰ কোবত বৃদ্ধ পিতৃ ভৱেশ কলিতা চোতালত বাগৰি পৰে আৰু তেওঁৰ মৃত্যু নোহোৱালৈকে যতীনে প্ৰহাৰ কৰিয়েই থাকে। পিছত পিতৃৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাত যতীন ঘটনাস্থলীৰ পৰা পলাই যায়।
ঘটনাৰ সময়ত ভবেশ কলিতাৰ পত্নীৰ বাহিৰে ঘৰত আৰু কোনো লোক উপস্থিত নাছিল। ইতিমধ্যে গান্ধীবাৰী আৰক্ষী চকীৰ পৰা আৰক্ষীৰ দল এটা গৈ মাজগাড়ীৰ ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ দলটোৱে যতীনক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈকে পিতৃহন্তা যতীনক আৰক্ষীয়ে আটক কৰিব পৰা নাই।