NORTHEAST NOW (Assamese)
অসম

দেশক প্লাষ্টিকমুক্ত কৰাৰ আঁচনি ধোঁৱাচাঙত; নিষিদ্ধ নহয়, কমাবলৈহে আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2019 9:16 pm
single-use-plastic-ban-featured-image-810x608

দেশক প্লাষ্টিকমুক্ত কৰাৰ মোদী চৰকাৰৰ সপোনটো পৰিপক্ব হোৱাৰ পূৰ্বেই প্ৰায় ধোঁৱা চাঙত উঠাৰ উপক্ৰম হৈছে।

আজি দুই অক্টোবৰৰ পৰা প্ৰধান মন্ত্ৰী মোদীয়ে প্লাষ্টিকৰ ৬টাকৈ প্ৰডাক্ট নিষিদ্ধ কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল।

বিজনেছ ষ্টেণ্ডাৰ্ড নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে দিয়া বাতৰিমতে, ১ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ দুজন ঊৰ্ধ্বতন বিষয়াই তেনেকুৱা কোনো তাৎক্ষণিক পদক্ষেপ লোৱাটো উদ্যোগ খণ্ডত চলি থকা মন্দাৱাস্থা আৰু অসংখ্যজনে চাকৰি হেৰুওৱা এই সময়ত অসম্ভৱ বুলি জনাইছে।

যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে উদাত্ত কণ্ঠে দেশক ছিংগল-য়ুজ প্লাষ্টিকমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। নিজৰ বক্তব্যত তেওঁ ২ অক্টোবৰক ইয়াৰ বাবে বৃহৎ পদক্ষেপৰ দিন হিচাপে উল্লেখ কৰিছিল।

মোদীয়ে ৰাষ্ট্ৰসংঘ আৰু ফ্ৰান্সত অনুষ্ঠিত জি-৭-ৰ সন্মিলনতো নিজৰ ভাষণত ভাৰতক ছিংগল-য়ুজ প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ সংকল্পৰ বিষয়ে অৱগত কৰিছিল।

বিষয়াকেইজনৰ মতে, প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰিবলৈহে চেষ্টা কৰা হ’ব।

পৰিৱেশ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়া চন্দ্ৰকিশোৰ মিশ্ৰই ৰয়টাৰক কোৱা বুলি জানিবলৈ দি সংবাদ প্ৰতিষ্ঠানটোত কোৱা হৈছে যে ৰাজ্যবোৰক প্লাষ্টিকৰ ব্যৱহাৰ, মজুতকৰণ আৰু উৎপাদন সম্পৰ্কীয় বৰ্তমান থকা আইন-কানুনবোৰকে কাৰ্য্যকৰী কৰিবলৈ আহ্বান জনোৱা হ’ব।

“কোনো নতুন নিষেধাজ্ঞা অনা হোৱা নাই। মানুহক প্লাষ্টিকৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে সজাগ কৰাৰ কথাটোহে চিন্তা কৰা হৈছে, যাতে মানুহে এইবোৰ য’তে-ত’তে নেপেলায়”, সংবাদ পৰ্টেলটোত মিশ্ৰৰ উদ্ধৃতি।

চৰকাৰে পৰিকল্পনা কৰা দেশজোৰা প্লাষ্টিক নিষিদ্ধতাই ছ’ডাৰ পৰা বিছকুট, শ্বেম্পুলৈকে বিভিন্ন সামগ্ৰীৰ পেকেজিঙত প্লাষ্টিক ব্যৱহাৰ কৰা প্ৰতিষ্ঠানবোৰক ক্ষতিগ্ৰস্ত কৰিলে হেঁতেন, বিষয়াজনে কয়।

আনপিনে ভাৰতীয় উদ্যোগ মহাসংঘয়ো (Confederation of Indian Industry) কোনো বিকল্প নোহোৱাকৈ প্লাষ্টিক নিষিদ্ধতাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি আহিছিল। ইয়াক বহুতো অৰ্থনৈতিক খণ্ডৰ বাবে অস্তিত্ব সম্পৰ্কীয় সংকট হৈ পৰা বুলি মন্তব্য কৰিছিল মহাসংঘই।

প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।