NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰযান-৫য়ে কঢ়িয়াই নিব ২৫০ কেজিৰ ৰোভাৰ, কেন্দ্ৰই দিছে অনুমতি; কেতিয়া কৰা হ’ব উৎক্ষেপণ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 2:32 pm

চন্দ্ৰত কি আছে? সেয়া জানিবলৈ কৌতুহলী বিজ্ঞানীসকল। মহাকাশ গৱেষণা সংস্থাই কৌতুহল নিবাৰণৰ কামো অব্যাহত ৰাখিছে। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোৱে এটা এটাকৈ চন্দ্ৰলৈ চন্দ্ৰযান প্ৰেৰণ কৰিছে। এই সফলতাৰ শৃংখলাত আটাইতকৈ উল্লেখযোগ্য হৈছে চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ইছৰ’ই চন্দ্ৰযান-৪ৰ পৰিকল্পনা কৰিছে।

অনুমোদনও দিছে কেন্দ্ৰই। এইবাৰ পৰিকল্পনা চন্দ্ৰযান-৫ৰ বাবে। ইছৰোৱে জনাইছে যে কেন্দ্ৰই চন্দ্ৰযান-৫ৰ বাবেও অনুমতি দিছে। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কেন্দ্ৰৰ ক্লিয়াৰেন্সৰ কথা ঘোষণা কৰে। ভাৰতে জাপানৰ সহযোগত চন্দ্ৰযান-৫ৰ কাম কৰিব। মূল লক্ষ্য হৈছে চন্দ্ৰৰ পৃষ্ঠত গৱেষণা কৰা।

যদিও চন্দ্ৰযান-৫ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰা হোৱা নাই, তথাপিও প্ৰথমতে ধাৰণা কৰা হৈছে যে ইছৰ’ই ২০২৭ চনত চন্দ্ৰযান-৪ উৎক্ষেপণ কৰিব পাৰে।

ৰোভাৰৰ ক্ষেত্ৰতো চন্দ্ৰযান-৫ৰ বাবে চমক আছে। চন্দ্ৰযান-৩ৰ ৰোভাৰ প্ৰজ্ঞানখনৰ ওজন আছিল ২৫ কিলোগ্ৰাম। জনা যায় যে চন্দ্ৰযান-৫ৰ ৰোভাৰৰ ওজন পূৰ্বৰ ৰোভাৰতকৈ ১০ গুণ বেছি হ’ব। অৰ্থাৎ ২৫০ কেজি।

মন কৰিবলগীয়া যে ২০০৮ চনত চন্দ্ৰযান-১ উৎক্ষেপণ কৰা হৈছিল। ২০১৯ চনত উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-২। সেইদৰে ২০২৩ চনত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হয়।