NORTHEAST NOW (Assamese)
Popular Stories

ভুলতে জাবৰৰ মাজলৈ দলিয়ালে ১৪ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 4:57 pm
Waste RHWS

ডাষ্টবিন পৰিষ্কাৰ কৰাটো বেছিভাগ লোকৰ বাবে নিত্য কৰ্মৰ তালিকাৰ অন্তৰ্ভুক্ত এটা কাম।

কিন্তু কেতিয়াবা ভুলবশতঃ যদি আমি ডাষ্টবিনত আমাৰ প্ৰয়োজনীয় বস্তুটো পেলাই দিওঁ আৰু বিচাৰি নাপাওঁ সেই সময়ত আমি বস্তুটো বিচাৰি হাবাথুৰি খাওঁ।

যেতিয়া পৰিয়াল এটাই নিজৰ থকা গৃহ সলনি কৰি নতুন গৃহলৈ যায় তেতিয়া প্ৰায়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সময়ত বহু লাগতীয়াল বস্তু ডাষ্টবিনত পেলোৱা হয়।

ইংলেণ্ডৰ এটা দম্পতীয়ে অলপতে জাবৰ চাফ চিকুণ কৰাৰ সময়ত ভুলতে ১৪ লাখ টকা নৱীকৰণ যোগ্য ডাষ্টবিনত পেলাই দিয়ে।

জানিব পৰা মতে, দম্পতীটোৱে সম্পৰ্কীয় এঘৰৰ বাসগৃহ পৰিষ্কাৰ কৰি আছিল আৰু অলাগতিয়াল সামগ্ৰীসমূহ পৰিষ্কাৰ কৰি ঘৰত থকা ডাষ্টবিনবোৰ নৱীকৰণ চেণ্টাৰলৈ লৈ যায়। চেণ্টাৰৰ কৰ্মীসকলে ডাষ্টবিনটো চাওঁতে আচৰিত হৈ পৰে।

কৰ্মীসকলে ডাষ্টবিনৰ জাবৰৰ মাজত ১৪ লাখ টকা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, দায়িত্বশীল কৰ্মীসকলে টকাখিনি নিজৰ লগত নাৰাখি ইংলেণ্ডৰ এভ’ন আৰু ছমাৰছেট আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চি চি টিভিৰ ফুটেজ লক্ষ্য কৰি ডাষ্টবিনৰ জাবৰ পেলাব অহা দম্পতীটো চিনাক্ত কৰে আৰু তেওঁলোকৰ হাতত টকাখিনি ঘূৰাই দিয়ে।

আৰক্ষীয়ে নৱীকৰণ চেণ্টাৰৰ কৰ্মীসকলক সততাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।