NORTHEAST NOW (Assamese)
অসম

’১৯-ৰ আগলৈকে মানুহে সাধু সন্ন্যাসী বুলি ভাবি থকা সোণোৱালৰ আচল ৰূপ এতিয়াহে দেখিছে : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 31, 2019 4:51 pm
Tarun Gogoi

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ক্ষমতাৰ বাবে জাতি-মাটি-ভেটি বিক্ৰী কৰিছে বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

আজি দিচপুৰস্থিত মন্ত্ৰীৰ কলনিত এখন সংবাদমেল দি গগৈয়ে মুখ্য মন্ত্ৰী সোণোৱালক তীব্ৰ আক্ৰমণ কৰে।

নাগৰিকত্ব (সংশোধন) আইনখনৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে এই আইনখনে অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰিব। এই কথা অসমৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে। অসমীয়াক double মাধমাৰ দিয়া আইনখন জাপি নিদিয়া হ’লে অসমৰ মানুহে এইদৰে আন্দোলন কৰিব লগীয়া নহ’ল হেঁতেন।

সোণোৱালক তেওঁৰ ভূমিকাৰ বাবে কঠোৰ সমালোচনা কৰি কয়, “২০১৯-ৰ আগলৈকে সৰ্বানন্দক সাধু সন্ন্যাসী বুলি ভাবিছিল, ১৯-ৰ শেষৰ ফালে তেওঁৰ আচল ৰূপ ওলাই পৰিল। তেওঁ এজন ভণ্ড সাধু। নিজৰ ক্ষমতাৰ বাবে জাতি-মাটি-ভেটি বিক্ৰী কৰিলে”।

সোণোৱালৰ অতীত সুঁৱৰি গগৈয়ে কয়, “কংগ্ৰেছে ৫০-৬০ লাখ বিদেশীক আশ্ৰয় দিয়া বুলি উচ্চতম ন্যায়ালয়ত কোৱা সোণোৱালে এতিয়া সেই বিদেশী চিনাক্ত কৰা নাই কিয়? তেওঁ এতিয়া বিদেশী আনিবহে বিচাৰিছে”।

মিছ শপতনামা দিয়া বাবে সোণোৱালৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বুলিও কয় গগৈয়ে।

“সৰ্বানন্দই কয়, তেওঁ কি বেয়া কাম কৰিছে? কিন্তু মই কওঁ- তেওঁ কি ভাল কাম কৰিছে? ৰাইজে তেওঁক লেই লেই ছেই ছেই কৰিছে কিয়? ৰাইজে বিশ্বাস কৰিয়ে তেওঁক মুখ্য মন্ত্ৰী পাতিছিল। ৰাইজে এতিয়া তেওঁক কিয় বিশ্বাস কৰিব?”, প্ৰশ্ন গগৈৰ।

সোণোৱালক কটাক্ষ কৰি তেওঁ কয়, “একালৰ সতীৰ্থ, আছুৰ মানুহেই তেওঁৰ ওপৰত অভিযোগ আনিছে। সমুজ্জ্বল ভট্টাচাৰ্য্যই তেওঁক হত্যাকাৰী বুলি কৈছে”।

প্ৰধান মন্ত্ৰী মোদীকো আক্ৰমণ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। মোদীৰ স্বৈৰাচাৰিতাৰ বিষয়ে গগৈয়ে কয়, “গণতন্ত্ৰত ৰাইজেই ৰজা। কিন্তু মোদীৰ মতে তেওঁ যি ভাবে সেইটোৱে ৰাইজে মানি ল’ব লাগে। দেশৰ গণতন্ত্ৰ বিপদাপন্ন, সংবিধানৰ নীতি বিনষ্ট হৈছে, ধৰ্মৰ নামত বিভেদ চলাব বিচাৰিছে”।

মোদীকে ধৰি শাসকীয় দলৰ নেতাসকলে CAA বিৰোধী আন্দোলন কংগ্ৰেছ আৰু বাওঁপন্থীয়ে চলাইছে বুলি কৰা অভিযোগৰ উত্তৰত তৰুণ গগৈৰ মন্তব্য, “আন্দোলনৰ নেতৃত্ব সকলো শ্ৰেণীৰ লোকে লৈছে, অকল কংগ্ৰেছ বা বাওঁ গণতান্ত্ৰিক দলে লোৱা নাই। হিন্দু-মুছলমান সকলো একেলগ হৈছে। ভাৰতৰ সকলো বিশ্ববিদ্যালয়ত প্ৰতিবাদ হৈছে। তেওঁলোক কিয় আন্দোলনমুখী হৈছে? কিয় বাধ্য কৰালে ছাত্ৰ-ছাত্ৰীক আন্দোলন কৰিবলৈ। এইখন বাতিল কৰি দিলে আন্দোলন নাইকিয়া হৈ যাব। কিন্তু সেই জুই নুমুৱাব বিচৰা নাই”।

আনহাতে ৰাজ্যত বিকল্প দলৰ চৰ্চা হৈ থকাৰ বিষয়টোত গগৈয়ে কয়, “বিকল্প দল হ’লে আদৰণি জনাম। মুঠতে বিজেপিক ওফৰাব লাগিব। প্ৰয়োজন হ’লে মিত্ৰতা কৰিম, আগতে জন্ম হৈ লওক। বিকল্প দল হ’লে কংগ্ৰেছৰ লগ লাগিবই লাগিব। কংগ্ৰেছৰ ভোটৰ শতাংশ বহুত বেছি” গগৈৰ মন্তব্য।

প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তকো সমালোচনা কৰিবলৈ নেৰিলে গগৈয়ে। মহন্তক উদ্দেশ্যি কয়, “প্ৰফুল্ল মহন্তই বাংলাদেশী খেদিম বুলি মুখ্য মন্ত্ৰী হৈছিল। খেদিব নোৱাৰিলে কিয়? তেওঁ ১০ বছৰ মুখ্য মন্ত্ৰী হৈ থাকিল, কেইজন বিদেশী খেদিলে?”