NORTHEAST NOW (Assamese)
Popular Stories

জাগুনত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজনকৈ ব্যক্তি 

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ April 1, 2020 4:14 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন কুমচাই গাঁ‌ৱত বাঘৰ আক্ৰমনত গুৰুত্বৰভাৱে তিনিজনকৈ ব্যক্তি আহত হোৱাৰ এই ঘটনাই সমগ্ৰ জাগুন অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আহত লোককেইজনক ক্ৰমে লাল ওৰাং, উত্তম ওৰাং আৰু খাতুৰ ওৰাং বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে মঙলবাৰে সন্ধ্যা কুমচাই গাঁ‌ৱৰ উক্ত লোক তিনিজন ঘৰৰ বাবে খৰি আনিবলৈ বুলি বনাঞ্চললৈ যাওঁতে  হাবিত থকা এটা নাহৰফুটুকী বাঘে তেওঁলোকক আক্ৰমণ কৰে।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত ব্যক্তিকেইজক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি নিশা মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়।