NORTHEAST NOW (Assamese)
Popular Stories

বোকাখাতৰ ম’হ মাইকী গাঁৱত বিৰল প্ৰজাতিৰ আকুহা বগ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 1, 2020 3:55 pm

ৰাষ্ট্ৰ জুৰি চলি থকা ল’কডাউনৰ মাজতে আজি বোকাখাতৰ ম’হ মাইকী গাঁৱত মানুহৰ আক্ৰমনত আহত হয় এটা অতি বিৰল প্ৰজাতিৰ আকুহা বগ চৰাই। গ্ল’চি আইবিজ নামৰ এই বিৰল প্ৰজাতিৰ চৰাইটোক কোনো লোকে মাৰিবলৈ চেষ্টা কৰোতে চৰাইটোৰ সোঁ ফালৰ দেউকাখন ভাঙি ম’হ মাইকী গাওঁৰ শ্ৰীমন্ত বৰাৰ পদুলিতে পৰি যায়।

শ্ৰীমন্ত বৰাই চৰাইটোক ধৰি প্ৰতি পালন কৰি বন বিভাগক অৱগত কৰাত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই চৰাইটোক ম’হ মাইকী গাঁৱৰ পৰা সংগ্ৰহ কৰি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত অৰ্পণ কৰে।

কেন্দ্ৰটোৰ পশু চিকিৎক ডা০ চামচুল আলীয়ে আহত চৰাইটোৰ চিকিৎসা আৰম্ভ কৰে। চৰাইটোৰ ডেউকাৰ হাড় ভাঙি যোৱাৰ ফলত চিকিৎসাৰ প্ৰয়োজন হ’ব বুলি জনায় পশু চিকিৎসক আলীয়ে।

অতি বিৰল প্ৰজাতিৰ আকুহা বগ কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলত শীত কালত দেখিবলৈ পোৱা যায়। জন বসতিৰ পৰা দূৰত থকা আৰ্দ্ৰভূমিত কেতিয়াবা দেখিবলৈ পৰিভ্ৰমী এই চৰাইবিধ শীত কালত কাজিৰঙালৈ আহে যদিও জনসংখ্যা অতি কম।