NORTHEAST NOW (Assamese)
অসম

এক’লেণ্ডত কামৰূপৰ অতিৰিক্ত জিলা উপায়ুক্তৰ নেতৃত্বত অভিযান

Posted by: এন ই নাও নিউজ July 21, 2018 10:28 pm
এক'লেণ্ড

গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীস্থিত প্ৰখ্য়াত এক’লেণ্ডক লৈ আজি কিছু দিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ সময়তে আজি এক’লেণ্ডত প্ৰশাসনে প্ৰায় দুঘণ্টা ধৰি এক অভিযান চলায়।

উল্লেখযোগ্য যে এক’লেণ্ডৰ পানী আৰু অন্যান্য সা-সুবিধা সমূহক লৈ বিভিন্ন জনে বহু অভিযোগ উত্থাপন কৰাৰ লগতে ছচিয়েল মিডিয়াতো এই সম্পৰ্কত ব্যাপক প্ৰাচৰ হোৱাৰ হৈছিল। ফলত পৰ্যটকৰ অভিযোগৰ ভিত্তিত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত আজি একলেণ্ডত এই অভিযান চলে।

অভিযানৰ অন্তত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এক’লেণ্ডত কিছু আঁসোৱাহ থকা বুলি প্ৰকাশ কৰ। লগতে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত তথ্য প্ৰমাণৰ ভিত্তিত এক’লেণ্ডৰ বিৰুদ্ধে কামৰূপ মেট্ৰ’ উপায়ুক্তই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।