NORTHEAST NOW (Assamese)
অসম

ইন্ধনৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদ : কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

Posted by: পার্শ্বজোতি গগৈ September 30, 2018 6:30 am
IMG-20180929-WA0027

পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে শিৱসাগৰৰ ধাইআলি আঞ্চলিক ছাত্ৰ সন্থাই বামবাৰীত কেন্দ্ৰীয়  পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।

প্ৰতিবাদী আছু’ৰ কৰ্মীসকলে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ অভাৱনীয় মুল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, আছু জিন্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ আব্দুল মোক্কাদ্দিছে কয় যে ইন্ধনজাত সামগ্ৰীৰ মুল্য দৈনিক অভাৱনীয়ভাৱে বৃদ্ধি পাই থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাতো চৰকাৰখনৰ চৰম ব্যৰ্থতা।

চৰকাৰে শীঘ্ৰেই মুল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব লাগে বুলি আছু নেতাজনে দাবী উত্থাপন কৰে।

আনহাতে, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ অজুহাতত যাত্ৰীবাহী বাহনৰ ভাড়া ৩ অক্টোবৰৰ পৰা বৃদ্ধি পাব। প্ৰায় ৫০ শতাংশ ভাড়া বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি ৰাইজৰ মূৰত এক ডাঙৰ বোজা আহি পৰিব।