NORTHEAST NOW (Assamese)
অসম

জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু; ১৪ গৰাকী বিশিষ্ট ব্যক্তিক আছুৰ সম্বৰ্ধনা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 14, 2022 7:49 pm

বৃহস্পতিবাৰে গৰু বিহুৰ দিনা সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰাজ্যখনৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।

যোৱা দুটা বছৰে কোভিড মহামাৰীৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই মুকলি বিহু উদযাপন কৰিব পৰা নাছিল। সেয়েহে দুবছৰৰ পাছত পূৰ্বৰ দৰে জজ খেলপথাৰত  সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে মুকলি বিহু উদযাপন কৰে।

কোভিড সৃষ্ট পৰিৱশে উন্নত হোৱাত সাধাৰণ জনতাই মুকলি বতাহ লোৱাৰ এক পৰিৱেশ সূচনা হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমগ্ৰ অসমে অতি জাক-জমকতাৰে উদযাপন কৰিছে ৰঙালী বিহু।

জজ খেলপথাৰত আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি বিহুৰ বাকৰিত ভিৰ কৰেহি সাধাৰণ জনতাই। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকে জজ খেলপথাৰৰ বাকৰি ভিৰ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট সংগীত পৰিচালক দশৰথ দাসে।

ডিব্ৰুগড়ৰ চেও বিহু হুচৰি দলৰ বিহু নৃত্যৰে আৰম্ভ হয় এই অনুষ্ঠান।

আছুৱে অনুষ্ঠিত কৰা এই মুকলি বিহুত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত আছে নীলমণি ফুকন, প্ৰয়াত শকুন্তলা চৌধাৰী (তেওঁলোকৰ প্ৰতিনিধি), ধৰ্মেশ্বৰ ইংতি, অনুৰাধা শৰ্মা পূজাৰী, ছবিলাল উপাধ্যায়, দিগন্ত বিশ্ব শৰ্মা, ড: মৃণাল কলিতা আদি।