NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ খৱৰ: ইউক্ৰেইনলৈ ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ ঘোষণা আমেৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2022 8:34 pm

ইউক্ৰেইনৰ বাবে আৰু ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। ৰাছিয়াক প্ৰতিৰোধ কৰাত উদ্দেশ্যৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধিৰ বাবে এই ধন খৰচ কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰ এই পেকেজত সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা, সামৰিক বাহিনীৰ লোকসকলৰ কঢ়িয়াই নিয়া বাহন তথা হেলিকপ্টাৰো অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: বিকল্প পৃথিৱীৰ সন্ধানত চীন; নতুন এখন বাসযোগ্য বিশ্ব গঢ়ি তোলাৰ পৰিকল্পনা

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে এক বিবৃতিযোগে এই কথা সদৰী কৰে।

ইয়াৰ পূৰ্বে জো বিডেনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপো কৰে।

বিডেনে জানিবলৈ দিয়ে যে এই নতুন সাহায্য পেকেজত আৰু অধিক কাৰ্যকৰী তথা গধূৰ অস্ত্ৰৰ ব্যৱস্থা থাকিব। ইয়াৰ ভিতৰত কিছুমান ইতিমধ্যে দেশলৈ গৈ পাইছে।

লগতে পঢ়ক: সামাজিক মাধ্যমক হাতত ৰখাৰ পৰিকল্পনা! টুইটাৰ কিনাৰ প্ৰস্তাৱ দিলে এলন মাস্কে

তেওঁ লগতে কয়,’’আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহে দিয়া অস্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ ক্ষেত্ৰত ইউক্ৰেইনক সহায় কৰিব’’।