NORTHEAST NOW (Assamese)
Popular Stories

নৰেন্দ্ৰ মোদীয়ে চীনক ৰঙা চকু দেখুৱাব বুলি ৰৈ আছে সকলো : গৌৰৱ গগৈ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 17, 2020 4:20 pm

এসময়ত প্ৰয়োজনত চীনক ৰঙা চকু দেখাম বুলি কোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া সেই ৰঙা চকু দেখুৱাব তাৰ বাবে দেশৰ নাগৰিক আৰু ভাৰতীয় সেনা আগ্ৰহেৰে ৰৈ আছে বুলি মন্তব্য কৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নৰেন্দ্ৰ মোডীয়ে তাৎক্ষনিকভাৱে টুইট কৰা সম্পৰ্কত টিপ্পনী দি গগৈয়ে কয় যে আজি ২০জন ভাৰতীয় জোৱান চহীদ হোৱাৰ পাছতো আমি এতিয়ালৈকে প্ৰধান মন্ত্ৰীৰ পৰা একো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই।

আজি বোকাখাতৰ গান্ধী ভৱনত সাংসদ পুঁজিৰে বোকাখাত ব্ল’ক আৰু মহিলা কংগ্ৰেছ কমিটিৰ সহযোগত স্থাপিত মাস্ক চিলাই প্রশিক্ষণ কেন্দ্রৰ উদ্বোধনী অনুষ্ঠানত সাংবাদিকৰ আগত এইদৰে কয় কলিয়াবৰৰ সাংসদ গৰাকীয়ে।

বোকাখাতত আয়োজিত এই অনুষ্ঠানত মাস্ক চিলাই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উৎপাদিত মাস্কসমূহ অহা ১৯জুনত ৰাহুল গান্ধীৰ জন্মদিনৰ উপলক্ষে বয়োবৃদ্ধ লোকৰ ঘৰে ঘৰে গৈ কংগ্ৰেছ কৰ্মীসকলে বিতৰণ কৰিব বুলিও তেওঁ জনায়।

গগৈয়ে আজি কাজিৰঙাৰ উদ্যোমী মহিলা বনশ্ৰী গগৈৰ তত্ত্বাৱধানত বোকাখাতৰ গান্ধী ভৱনত আজিৰ পৰা আৰম্ভ হোৱা মাস্ক চিলাই কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

বোকাখাত ব্ল’ক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে আঁত ধৰা এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দাদু টায় আৰু প্ৰাক্তন বিধায়ক অৰুণ ফুকনো উপস্থিত থাকে ৷

মাস্ক চিলাই প্ৰশিক্ষন কেন্দ্ৰত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ যুৱকসকলকো অংশগ্ৰহণ কৰিবৰ বাবে সাংসদ গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাংসদ গৌৰৱ গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনায়।