NORTHEAST NOW (Assamese)
অসম

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2021 8:53 pm
PETUGAS RAWAT PESAKIT COVID-19

অতিমাৰী কোভিডৰ বিৰুদ্ধে পৰম আশা লৈ কালি  ভেকচিন প্ৰদানৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে দিল্লীতো কালি বহু লোকক কোভিডৰ ভেকচিন প্ৰদজান কৰা হয়।

ভেকচিন গ্ৰহণ কৰা লোকসকলৰ ভিতৰৰে ৫১ জন লোক অসুস্থ হৈ পৰা বুলি আজি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে ভেকচিন গ্ৰহণ কৰা সকলৰ মাজৰে ৫১ জনৰ ক্ষেত্ৰত ভেকচিনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হৈছে।

তেওঁলোকৰ মাজৰে ৫০ জনৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক এইমছৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে।

ভেকচিন গ্ৰহণ কৰি স্বাস্থ্যৰ অৱনতি ঘটা লোক জনৰ বয়স ২২ বছৰ আৰু তেওঁ এইমছতে ছিকিউৰিটি গাৰ্ডৰ কাম কৰে বুলি দিল্লীৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে দিল্লীৰ ৮১ টা কেন্দ্ৰত মুঠ ৪,৩১৯ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হয়।

কালি দিল্লীত মুঠ ৮,১১৭ গৰাকী স্বাস্থ্য কৰ্মীয়ে ভেকচিন গ্ৰহণ কৰাৰ কথা আছিল যদিও প্ৰায় আধা সংখ্যকেহে ভেকচিন লয়।

এই ক্ষেত্ৰত মন্তব্য কৰি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে ভেকচিন গ্ৰহণ কৰাটো যিহেতু বাধ্যতামূলক নহয় সেয়ে চৰকাৰে এই ক্ষেত্ৰত কাকো হেঁচা দিব নোৱাৰে।