NORTHEAST NOW (Assamese)
অসম

ৰঞ্জন গগৈৰ বিচাৰপীঠে বাহাল ৰখা চি বি আইৰ সঞ্চালক বাৰ্মাক অপসাৰণ মোদী নেতৃত্বৰ কমিটিৰ

Posted by: এন ই নাও নিউজ January 11, 2019 12:18 pm
AlokVermabig8jan

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক যোৱা ৮ জানুৱাৰি মঙলবাৰে তেওঁৰ পদ বাহাল ৰখাৰ সিদ্ধান্ত দিছিল যদিও ১০ জানুৱাৰি বৃহস্পতিবাৰে মোদী নেতৃত্বৰ কমিটিয়ে তেওঁক উক্ত পদবীৰ পৰা অপসাৰণ কৰা হয়।

বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ ক্ষমতাসম্পন্ন বাছনী কমিটিয়ে বাৰ্মাক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে এইদৰে দুৰ্নীতি আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চি বি আইৰ সঞ্চালক পদৰ পৰা অপসাৰণ হোৱা বাৰ্মাই একমাত্ৰ উদাহৰণ। এতিয়াৰে পৰা বাৰ্মাই অগ্নি সুৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব গ্ৰহণ কৰিব।

চৰকাৰী সূত্ৰই বাতৰি সংস্থা পি টি আইক জনোৱা অনুসৰি, কেন্দ্ৰীয় তদাৰকী আয়োগে (চি ভি চি) কৰা তদন্তত বাৰ্মাৰ বিৰুদ্ধে আঠটা অভিযোগৰ কথা উল্লেখ কৰিছে। বৃহস্পতিবাৰে কমিটীৰ বৈঠকত এই প্ৰতিবেদনখন উত্থাপন কৰা হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক প্ৰতিনিধিত্ব কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে ছিক্ৰি আৰু লোকসভাত কংগ্ৰেছৰ দলপতি মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকে। জানিব পৰা মতে বাৰ্মাক অপসাৰণ কৰাৰ পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছিল মল্লিকাৰ্জুন খৰ্গেই। তেওঁৰ বিৰোধিতা স্বত্তেও কমিটীয়ে ২-১ সংখ্যাগৰিষ্ঠ মতত বাৰ্মাক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে চি বি আইৰ সঞ্চালকৰ পদত থকাৰ সময়তে বাৰ্মা আৰু ইয়াৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু দুয়ো দুয়োৰে বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। দুয়োৰে এনে কাৰ্যৰ পাছতে চৰকাৰে চি ভি চিৰ পৰামৰ্শ ক্ৰমে দুয়োকে বাধ্যতামূলক ছুটীত প্ৰেৰণ কৰিছিল।

ইফালে জানিব পৰা মতে এম নাগেশ্বৰ ৰাওক চি বি আইৰ অন্তৱৰ্তী সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছে।