NORTHEAST NOW (Assamese)
অসম

নৃশংসঃ উত্তৰ প্ৰদেশত পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটিলে স্বামীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 24, 2022 1:17 pm
death1-715x375

পুনৰ এক জঘন্য হত্যাকাণ্ডই জোকাৰি গ’ল যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশক।ৰাজ্য খনত শেহতীয়াকৈ এজন স্বামীয়ে তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহটো একাধিক টুকুৰা কৰি হাবিত পেলাই দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উত্তৰ প্ৰদেশৰ সীতাপুৰত সং হত্যাকাণ্ডটো ঘটিছে। স্নেহা নামৰ মহিলাগৰাকীক তেওঁৰ স্বামীয়ে হত্যা কৰিছিল। তেওঁৰ স্বামী পংকজ মৌৰ্যৰ বিৰুদ্ধে জ্যোতিক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে মৌৰ্যক গ্ৰেপ্তাৰ কৰে।। পংকজ আৰু জ্যোতিৰ মাজত ১০ বছৰ আগতে বিয়া হৈছিল।

পংকজে অভিযোগ কৰা মতে তেওঁৰ পত্নীয়ে নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰিছিল। পংকজ মৌৰ্যই ৮ নৱেম্বৰত তেওঁৰ পত্নীক হত্যা কৰিছিল। দুৰ্জন পাচী নামৰ এজন ব্যক্তিয়ে তেওঁক এই কামত সহায় কৰিছিল।

হত্যাৰ পিছত পংকজ আৰু দুৰ্জনে জ্যোতিৰ শৰীৰটো একাধিক টুকুৰা কৰি কাটি পেলাইছিল আৰু সেই টুকুৰাবোৰ ঘৰৰ কাষৰে অৰণ্যত পেলাই দিছিল। পিছত আৰক্ষীয়ে গুলহাৰিয়াৰ এখন অৰণ্যৰ পৰা জ্যোতিৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰে।