NORTHEAST NOW (Assamese)
অসম

ভাগ ভাগ নহয়; এখন পতাকা, এটা প্ৰতীক, এটা আঞ্চলিক ৰাজনৈতিক শক্তি হ’ব লাগে : GMCHত অখিল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 7, 2020 2:29 pm
index

আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা GMCHলৈ অনা হয় কৃষক নেতা অখিল গগৈক।

GMCH চৌহদত নতুন আঞ্চলিক দল গঠনৰ সন্দৰ্ভত মন্তব্য কৰে অখিল গগৈয়ে।

“ভাগ ভাগ হ’লে অসমীয়া মৰি যাব” বুলি মন্তব্য কৰি অখিলে লগতে কয় “১০-১৫ টা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলে নহ’ব।”

“এটা শক্তিশালী ঐক্যৱদ্ধ, গণতান্ত্ৰিক আৰু সকলোকে সামৰি আঞ্চলিক দল গঠন কৰিব লাগে।” সংবাদ মাধ্যমৰ আগত এই পোষকতা অখিলৰ।

তেওঁ আৰু কয় “এখন পতাকা, এটা প্ৰতীক, এটা আঞ্চলিক ৰাজনৈতিক শক্তি হ’ব লাগে।”

অন্যথা, বিজেপি-আৰ এছ এছে ৩০-৫০ বছৰলৈ হিন্দুত্ববাদী ৰাজনীতি চলাই যাব বুলি অখিলে কয়।

কৃষক মুক্তি, AJYCP, AASU তিনিওটাকে একেলগ হ’বলৈ আহ্বান জনায় অখিলে লগতে কয় “কৃষক মুক্তিয়ে অকলে দল ঘোষণা কৰিলে নহ’ব। সকলো একেলগ হ’লে তেতিয়া ৰাজনীতিত এক ধুমুহা আহিব। বিজেপি, আৰ এছ এছ, কংগ্ৰেছ AIUDF তচনচ হৈ যাব।”

অৱশ্যে, কাৰাগাৰৰ পৰা নিৰ্বাচন খেলাৰ কথা বৰ্তমানলৈকে ভবা নাই বুলি অখিলে কয়।

কালি নিশা প্ৰচণ্ড বুকু বিষ আৰু পেটৰ বিষত ভোগা বাবে স্বাস্থ্য পৰীক্ষা কৰাবলৈ GMCH লৈ অনা হৈছিল অখিলক।