NORTHEAST NOW (Assamese)
অসম

কংগনা ৰানাৱটলৈ Y+ নিৰাপত্তা; অমিত শ্বাহক ধন্যবাদ জনালে অভিনেত্ৰীগৰাকীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2020 2:19 pm
WhatsApp Image 2020-09-07 at 1.30.21 PM

মুম্বাই পাকিস্তান অধিকৃত কাশ্মীৰৰ দৰে হোৱা বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত অভিনেত্ৰী কংগনা ৰানাৱটক মুম্বাইত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি কৈছিল শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে।

মুম্বাইত আনকি শাসকীয় দলৰ কৰ্মীসকলে বিভিন্ন স্থানত কংগনাৰ বিৰুদ্ধে বিক্ষোভো প্ৰদৰ্শন কৰে।

ইয়াৰ পাছতে কংগনাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ পৰামৰ্শ সাপেক্ষে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে তেওঁক নিৰাপত্তা প্ৰদানৰ কথা ঘোষণা কৰিছে।

বলীউদৰ অভিনেত্ৰীগৰাকীক Y+কেটেগুৰিৰ নিৰাপত্তা প্ৰদান কৰা হ’ব।

সেই অনুসৰি, তেওঁৰ সৈতে তিনিটা ছিফট মিলি তিনিগৰাকী ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু দহ-এঘাৰজন কমাণ্ডো থাকিব।

সেইদৰে, ঘৰতো চিআৰপিএফৰ জোৱান নিৰাপত্তাৰ দায়িত্বত থাকিব।

এটা টুইটযোগে কংগনাই মহিলাসকলৰ আত্মসন্মান ৰক্ষা কৰাৰ বাবে অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে কোনো ফেচীবাদী শক্তিয়ে জাতীয়তাবাদী শক্তিৰ কণ্ঠৰোধ কৰিব নোৱাৰে।

কংগনাৰ মূল ঘৰ মাণ্ডিত যদিও বৰ্তমান তেওঁ হিমাচলৰ মানালিত থাকে। ৯ছেপ্টেম্বৰত তেওঁ মুম্বাইলৈ উভতিব।

কংগনাৰ পিতৃয়ে হিমাচলৰ মুখ্য মন্ত্ৰীক অভিনেত্ৰীগৰাকীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ কৰিছিল।

উল্লেখ্য যে কংগনাই শিৱসেনাক প্ৰত্যাহ্বান জনাই কৈছিল যে তেওঁ ৯ছেপ্টেম্বৰত মুম্বাইলৈ আহিব আৰু পাৰিলে শিৱসেনাৰ কৰ্মীসকলে তেওঁক আটক কৰি দেখুৱাওক।