NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষীৰ প্ৰহাৰত মৃত্যু এজন প্ৰব্ৰজিত শ্ৰমিকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 6:44 pm
Death_Picture_EPS

আৰক্ষীৰ প্ৰহাৰত ওড়িশাৰ গঞ্জমত এজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু ঘটিছে।

বৃহস্পতিবাৰে সামাজিক দূৰত্ব বজাই নৰখাৰ দোষত চুৰাট আৰক্ষীয়ে শ্ৰমিকজনক প্ৰহাৰ কৰিছিল।

আৰক্ষীৰ প্ৰহাৰত মৃত্যু ঘটা প্ৰব্ৰজিত শ্ৰমিকজন গঞ্জম জিলাৰ ভাঞ্জনগৰৰ সমীপৰ কুল্লাডা গাঁৱৰ সত্য চুৱেন বুলি জানিব পৰা হৈছে।

ঘটনাৰ দিনা সত্য নামৰ শ্ৰমিকজনে নিজৰ গৃহ টাউনৈ ওভতি অহাৰ পিছত চুৰাটত আৰক্ষী থানাত পঞ্জীয়নৰ বাবে উপস্থিত হৈছিল।

সত্যৰ লগতে অন্য কেবাজনো প্ৰব্ৰজিত শ্ৰমিকেও নিজ গৃহলৈ ওভতি অহাৰ পিছত পঞ্জীয়ন কৰিবলৈ থানাত সমবেত হৈছিল।

তেনে সময়তে আৰক্ষীয়ে শ্ৰমিকসকলে সামাজিক দূৰত্ব মানি নচলাত তেওঁলোকক প্ৰহাৰ কৰে।

উক্ত প্ৰহাৰত সত্য নামৰ শ্ৰমিকজন গুৰুতৰ ভাৱে আহত হয় আৰু তেওঁক স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

পত্নীৰ সৈতে পাঁচ বছৰীয়া পুত্ৰ সন্তানক এৰি চিকিৎসালয়তে ৩০ বছৰীয়া শ্ৰমিক সত্যৰ মৃত্যু ঘটে।