NORTHEAST NOW (Assamese)
Popular Stories

ৰিয়ান পৰাগৰ প্ৰভাৱ; পৃথ্বী শ্বৰ উইকেট দখল কৰি জোফ্ৰা আৰ্চাৰে নাচিলে বিহু, চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 12:19 pm

২০১৯ বৰ্ষৰ আই পি এলত অভিষেক ঘটা ১৭ বছৰীয়া ৰিয়ান পৰাগে যেতিয়া প্ৰথমটো উইকেট দখল কৰি ষ্টেডিয়ামতে বিহু নাচি অসমৰ সংস্কৃতি বিশ্ববাসীক দেখুৱাইছিল তেতিয়াই তেওঁক গুণমুগ্ধসকলে প্ৰশংসাৰে উপচাই পেলাইছিল।

অসমৰ প্ৰাণ বিহু নাচৰ বাবেই চলিত আই পি এলত তেওঁ পুনৰ এবাৰ  চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

ৰাজস্থানৰ হৈ খেলা ৰিয়ানে কিছুদিন পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচখনত দলক ছয়েৰে জয়ী কৰাৰ পিছতে ফিল্ডত বিহু নাচি আনন্দ উল্লাস কৰিছিল।

এইবাৰ ৰিয়ানৰ বিহুৱে বিশ্ববাসীক আকৰ্ষিত কৰাৰ লগতে ৰাজস্থান ৰয়েলছৰ আনন্দ উল্লাসৰ অন্যতম মাধ্যম হৈ পৰিছে।

মন কৰিবলগীয়া যে বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচত ৰাজস্থানৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰকো ষ্টেডিয়ামত বিহু নাচা পৰিলক্ষিত হয়।

আৰ্চাৰে প্ৰথমটো বলতে পৃথ্বী শ্ব’ক আউট কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে আৰু উইকেটটো দখল কৰিয়েই আৰ্চাৰে বিহু নাচা আৰম্ভ কৰে। এই ক্ষেত্ৰত তেওঁক ৰিয়ানে সুন্দৰভাৱে সহযোগ কৰা পৰিলক্ষিত হয়।

ৰাজস্থানে ফিল্ডত প্ৰৱেশ কৰাৰ আগমূহুৰ্তত আৰ্চাৰে ৰিয়ানৰ পৰা বিহু নাচৰ প্ৰশিক্ষণ লোৱাও দেখা যায়।

আৰ্চাৰে বিহু নাচি আনন্দ প্ৰকাশ কৰা দেখি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহিবলৈ ধৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানেও এই প্ৰসংগত এটা টুইট কৰে।

তেওঁ টুইটটোৰ জৰিয়তে এগৰাকী ইংৰাজে বিহু নাচি দেখুৱাব বুলি আপুনি কেতিয়াবা ভাবিছিল নে বুলি কয়।